কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ জনবসতিপূর্ণ অঞ্চলসমূহত শেহতীয়াকৈ মানুহ আৰু বন্য প্ৰাণীৰ মাজত দেখা দিয়া সংঘাত দূৰ কৰাৰ বাবে উপায় উদ্ভাৱন কৰিবলৈ আজি বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ উপস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত শেহতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীপৱৰ্তী অঞ্চলসমূহৰ ৰাইজে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা হয়। এই আলোচনাকালত গ্ৰহণ কৰা সিদ্ধান্তই অদূৰ ভৱিষ্যতে ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া ৰাইজক সকাহ দিয়াৰ উপৰি বন্য প্রাণীৰ সুৰক্ষা নিশ্চিত কৰিব বুলি মন্ত্ৰী পাটোৱাৰীয়ে প্ৰকাশ কৰে। বৈঠকত লগতে এই অঞ্চলসমূহত বাস কৰা যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ বিষয়ে আলোচনা কৰা হয়। অনুষ্ঠানত মন্ত্ৰী অতুল বৰাও অংশগ্ৰহণ কৰে। বন মন্ত্ৰীগৰাকীয়ে আজি কাজিৰঙাৰ কঁহৰাত নিৰ্মাণ কৰি উলিওৱা কাজিৰঙা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় উদ্বোধন কৰে। উদ্বোধনকালত মন্ত্ৰী শ্ৰী বৰাও উপস্থিত থাকে। 00000
বড়োলেণ্ডৰ প্ৰথমগৰাকী ছহিদ সুজিত নাৰ্জাৰীৰ সোঁৱৰণত বি টি চি পৰিষদীয় চৰকাৰে বি টি আৰৰ ৪০ টা সমষ্টিৰ বাবে আৱণ্টন দিয়া প্ৰেক্ষাগৃহৰ প্ৰথমটো আজি জিলাখনৰ কলাইগাঁৱত বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে মুকলি কৰে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰী বড়োৱে ৰাইজক শান্তি শৃংখলা অটুট ৰাখি উন্নয়নকামি সমাজ গঢ়াৰ বাবে আহ্বান জনায়। শ্ৰী বড়োৱে আজি কলাইগাঁৱৰ ৰনথলীত ৫ কোটি টকা ব্যয় সাপেক্ষে বি টি চি পৰিষদীয় চৰকাৰে নিৰ্মাণ কৰিবলগীয়া বীৰ চিলাগাং ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে।
Site Admin | January 6, 2025 7:24 PM | Forest Minister at Kaziranga
বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষৰ সৈতে বৈঠক