January 6, 2025 7:24 PM

views 20

বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষৰ সৈতে বৈঠক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ জনবসতিপূর্ণ অঞ্চলসমূহত শেহতীয়াকৈ মানুহ আৰু বন্য প্ৰাণীৰ মাজত দেখা দিয়া সংঘাত দূৰ কৰাৰ বাবে উপায় উদ্ভাৱন কৰিবলৈ আজি বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ উপস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত শেহতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীপৱৰ্তী অঞ্চলসমূহৰ ৰাইজে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা হয়। এই আলোচনাকালত গ্ৰহণ কৰা সিদ্ধান্তই অদূৰ ভৱিষ্যতে ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া ৰাইজক সকাহ দিয...