ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 19, 2025 1:24 PM | SC Direction

printer

বন বিভাগৰ ভূমি অবৈধভাৱে আৱণ্টন দিয়া সন্দৰ্ভত এছ আই টি গঠন কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

বন বিভাগৰ ভূমি অবৈধভাৱে কোনো ব্যক্তি, প্রতিষ্ঠানক আৱণ্টন দিয়া সন্দৰ্ভত তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে বিশেষ তদন্তকাৰী গোট এছ আই টি গঠন কৰিবলৈ সকলো ৰাজ্যৰ মুখ্য সচিব আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰশাসনক নির্দেশ দিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাৱাই, ন্যায়াধীশ আগষ্টাইন জর্জ মছি আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ তিনিজনীয়া বিচাৰপীঠে নিৰ্দেশনাত উল্লেখ কৰে যে, অবৈধভাৱে কোনো বনভূমি যদি আৱণ্টন দিয়া হৈছে, তেন্তে ৰাজ্য চৰকাৰসমূহে সেয়া উদ্ধাৰ কৰি বন বিভাগক চমজাই দিব লাগিব। যদি ৰাজহুৱা স্বাৰ্থত সেই বনভূমি উদ্ধাৰ কৰাটো সম্ভৱ নহয়, তেন্তে সংশ্লিষ্ট ব্যক্তি, প্ৰতিষ্ঠানৰ পৰা ভূমিৰ মূল্য আদায় কৰি সেয়া বনাঞ্চলৰ নামত ব্যৱহাৰ কৰিব লাগিব বুলি তিনিজনীয়া বিচাৰপীঠে নির্দেশনাত উল্লেখ কৰে। উচ্চতম ন্যায়ালয়ে অবৈধভাৱে আৱণ্টন দিয়া ভূমি এবছৰৰ ভিতৰত হস্তান্তৰ প্ৰক্ৰিয়া নিশ্চিত কৰাৰ বাবে ৰাজ্যসমূহক বিশেষ দল গঠনবো নির্দেশ দি কয়, যে উদ্ধাৰ কৰা বনভূমি একমাত্র বনানিকৰণৰ উদ্দেশ্যে ব্যৱহাব হ’ব লাগিব ।