ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বতৰৰ বতৰা–

বতৰৰ বতৰা–

বতৰৰ বতৰা– বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, আৰু মেঘালয়ত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বতৰ শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। অসমকে ধৰি আটাইকেইখন ৰাজ্যক ঘন কুঁৱলীয়ে আৱৰি ৰখাৰ সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিতত বতৰ বিজ্ঞান কেন্দ্ৰই সতর্কতা জাৰি কৰিছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৬.৯ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ১১.৪ ডিগ্রী ছেলছিয়াছ। অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ সর্বোচ্চ তাপমাত্রা ২৭ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১২ ডিগ্রী ছেলছিয়াছৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে।