বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আজি ওপজা দিন

বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ওপজা দিনটো আজি ছাত্ৰ দিৱস হিচাপে উদযাপন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি কটন বিশ্ববিদ্যালয়ত প্রথম বডোফা উপেন্দ্র নাথ ব্ৰহ্ম স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে – শান্তিৰ আৰ্হিস্বৰূপ, বড়োলেণ্ডৰ ৰূপান্তৰ আৰু ভৱিষ্যতৰ লক্ষ্য শীর্ষক বিষয়ত বক্তৃতা আগবঢ়াব। অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই কাৰ্যসূচীত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। উল্লেখযোগ্য যে দূৰদৰ্শী আৰু প্ৰতিভাসম্পন্ন উপেন্দ্রনাথ ব্ৰহ্মই পদার্থ বিদ্যাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত কৰ পৰিদৰ্শকৰ চাকৰি ত্যাগ কৰি বড়ো আন্দোলনক নেতৃত্ব দিছিল। জনগোষ্ঠীটোৰ আশা-আকাংক্ষা আৰু সমস্যাসমূহ দূৰ কৰাৰ বাবে তেওঁ গণতান্ত্রিক পন্থাৰে প্ৰয়াস চলাইছিল। আজি বডোফাৰ উপজা দিন উপলক্ষে বি টি আৰৰ জিলা কেইখনতো দল- সংগঠনসমূহে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।