বজালী জিলাৰ মহিলা উদ্যোগীসকলক ১০ হাজাৰকৈ টকাৰ চেক বিতৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আজি বজালী জিলাৰ মহিলা উদ্যোগীসকলক ১০ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰে। পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে অসম ৰাষ্ট্ৰীয় গ্রামীন জীৱিকা অভিযানৰ অধীনত ২৬ হাজাৰ ৩২৫ গৰাকী আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনৰ দুহেজাৰ ৪৮০ গৰাকী মহিলাক চেক প্ৰদান কৰে। অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, সাংসদ ফণীভূষণ চৌধুৰী, বিধায়ক ফণীধৰ তালুকদাৰ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মিছন সঞ্চালক কুন্তল মণি শৰ্মা বৰদলৈ, বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাস আদিকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতা তথা চৰকাৰী বিষয়া উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।