ডাউনলোড
মোবাইল এপ

android apple
signal

বজালী জিলাৰ গাড়িসত্ৰত সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

বজালী জিলাৰ পাঠশালাৰ ওচৰৰ গাড়িসত্ৰত আজি এটা সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। অসম সাঁতোৰ সন্থাৰ সম্পাদক তথা ছুইমিং ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ উপ সভাপতি ভাস্কৰ দাসে বজালীৰ বিশিষ্ট সমাজকর্মী তথা বজালী সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সভাপতি মনোজ শৰ্মাৰ তত্বাৱধানত প্ৰাকৃতিক পৰিবেশৰ মাজত নিৰ্মাণ কৰা এই সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰটো ২০২৫-২৬ বৰ্ষৰ বাবে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ত সাঁতোৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰা কিশোৰী সাঁতোৰবিদ গংগোত্ৰী দেৱচৌধুৰী, কুৱলি দত্ত, স্নেহা দাস, গীতম দাস আৰু পৌলমী দাসক সম্বৰ্ধনা জনোৱা হয়। কেইবাগৰাকীও সাঁতোৰ প্ৰশিক্ষক আৰু বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক সাঁতোৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে বক্তব্য আগবঢ়ায়।