April 13, 2025 5:51 PM

views 12

বজালী জিলাৰ গাড়িসত্ৰত সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

বজালী জিলাৰ পাঠশালাৰ ওচৰৰ গাড়িসত্ৰত আজি এটা সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। অসম সাঁতোৰ সন্থাৰ সম্পাদক তথা ছুইমিং ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ উপ সভাপতি ভাস্কৰ দাসে বজালীৰ বিশিষ্ট সমাজকর্মী তথা বজালী সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সভাপতি মনোজ শৰ্মাৰ তত্বাৱধানত প্ৰাকৃতিক পৰিবেশৰ মাজত নিৰ্মাণ কৰা এই সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰটো ২০২৫-২৬ বৰ্ষৰ বাবে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ত সাঁতোৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰা কিশোৰী সাঁতোৰবিদ গংগোত্ৰী দেৱচৌধুৰী, কুৱলি দত্ত, স্নেহা ...