বজালীৰ বাঘমাৰাৰ সমীপৰ গড়বজাৰত সংঘটিত পথ দুৰ্ঘটনাত ৪ গৰাকী শিক্ষার্থীসহ ৫ জন লোক আহত

বজালী জিলাৰ বাঘমাৰাৰ সমীপৰ গড়বজাৰত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত ৪ গৰাকী শিক্ষার্থীসহ ৫ জন লোক আহত হয়। গুৰুতৰভাৱে আহত হোৱা লোককেইজনক পাঠশালাৰ ছহিদ মদনৰাওতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে এজনক গুৱাহাটীলৈ আৰু আন ৩ জনক বৰপেটা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইপিনে দুৰ্ঘটনাত আহত ট্ৰেক্টৰখনৰ চালক ধনন বড়োকো গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।

ইপিনে বাক্সা জিলাৰ বাৰেঙাবাৰী মায়ংপাৰাত সংঘটিত আন এটা পথ দুৰ্ঘটনাত এগৰাকী ট্ৰেক্টৰ চালক গুৰুতৰভাৱে আহত হৈছে। আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে তীব্ৰেবেগী ট্ৰেক্টৰখনে নিয়ন্ত্ৰণ হেৰুৱাই পকী খুটাত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। আহত ট্ৰেক্টৰ চালকজনক কালপানীৰ সুজিত বৰ্মন বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। ঘটনাস্থলীত স্থানীয় বাঁহবাৰী আৰক্ষীয়ে আহত বৰ্মনক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।