ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বজালীত ২৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ৬ খন দলং আৰু ৩টা পথৰ আধাৰশিলা মন্ত্ৰী ৰনজিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিত কুমাৰ দাসে আজি বজালিত ২৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ৬ খন দলং আৰু ৩টা পথৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে নিৰ্মাণ কৰিবলগীয়া পথ আৰু দলংকেইখনৰ নিৰ্মাণ গতি লেহেমীয়া হ’লে সংশ্লিষ্ট ঠিকাদাৰ আৰু অন্যান্য জড়িতসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰো ঘোষণা কৰে।

সমাগত পঞ্চায়ত নির্বাচন সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, যে ন্যায়ালয়ৰ সেউজ সংকেত পালেই অতি শীঘ্ৰে নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব। যোৰহাটত শংকৰ সংঘৰ অধিবেশন আৰু পাঠশালাৰ অসম সাহিত্য সভা অধিবেশনৰ পৰিপ্ৰেক্ষিতত পঞ্চায়ত নির্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হোৱাৰ বিষয়েও মন্ত্রী শ্রীদাসে আজিৰ অনুষ্ঠানত অৱগত কৰে।