ডাউনলোড
মোবাইল এপ

android apple
signal

ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতা আৰম্ভ

পেৰিছত আজি ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতা আৰম্ভ হ’ব। ৰোলাঁ-গেৰো হিচাপেও পৰিচিত এই প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ শাখাত ৰোহন বোপান্না, য়ুকি ভান্ত্রি, এন শ্ৰীৰাম বালাজী আৰু ঋত্বিক চৌধাৰী বল্লিপাল্লিয়ে ভাৰতক প্রতিনিধিত্ব কৰিছে। প্ৰথম ৰাউণ্ডৰ খেলত আজি বোপান্নাই তেওঁৰ সহযোগী ছেকগণৰাজ্যৰ আদাম পাভলাছেকৰ সৈতে আমেৰিকান যুটী ৰবাৰ্ট কেছ আৰু জেমছ ট্ৰেছীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। কি ভাম্বিয়ে তেওঁৰ সহযোগী আমেৰিকাৰ ৰবাৰ্ট গেল’ৱেসহ নেদাৰলেণ্ডছৰ ৰবিন হাছে আৰু তেওঁৰ জাৰ্মানীৰ হেন্দ্ৰিক জেবেল যুটীৰ বিৰুদ্ধে খেলিব।
উল্লেখযোগ্য যে ভাৰতীয় খেলুৱৈসকলে এতিয়ালৈকে ফ্ৰেন্স অ’পেন টেনিছ প্রতিযোগিতাৰ ডাবলচ্ আৰু মিক্সড ডাবলছ্ শিতানত সাতটা খিতাপ দখল কৰিছে। ভাৰতীয় টেনিছ তাৰকা মহেশ ভূপতিয়ে ইয়াৰ ডাবলছ আৰু মিক্সড ডাবলছ ৪ টা খিতাপ লাভ কৰিছে। ভূপতিয়ে লীয়েণ্ডাৰ পেজৰ সৈতে যুটী বান্ধি ১৯৯৯ আৰু ২০০১ চনত পুৰুষৰ ডাবলচ্ খিতাপ অৰ্জন কৰিছে। ১৯৯৭ চনত তেওঁ জাপানৰ ৰিকা হিৰাকী আৰু ২০১২ চনত ছানীয়া মিৰ্জাৰ সৈতে মিক্সড ডাবলছৰ খিতাপ লাভ কৰে। ইপিনে, লিয়েণ্ডাৰ পেজে ২০০৯ চনত পুৰুষৰ ডাবলছ আৰু ২০১৬ চনত মিক্সড ডাবলচ্ খিতাপ আৰু ৰোহন বোপান্নাই ২০১৭ চনত মিক্সড ডাবলছ শিতানত আন এটা খিতাপ লাভেৰে ভাৰতৰ তালিকাত আৰু দুটা খিতাপ যোগ দিয়ে।