June 8, 2025 8:55 PM

views 29

ফ্রেন্স অ’পেন টেনিছত ইটালীয়ান যুটী চাৰা ইৰৰাণী আৰু জেচমীন পাৱলিনিৰ মহিলাৰ ডাবলছৰ খিতাপ জয়

ফ্রেন্স অ'পেন টেনিছ প্রতিযোগিতাত দ্বিতীয় বাচনিৰ ইটালীয়ান যুটী চাৰা ইৰৰাণী আৰু জেচমীন পাৱলিনিয়ে মহিলাৰ ডাবলছৰ খিতাপ জয় কৰিছে। যুটীটোৱে কাজাখস্তানৰ আন্না ডেনেলিনা আৰু ছাৰ্ভিয়াৰ আলেকজেন্দ্রা ক্রুনিক যুটীক ৬-৪, ২-৬, ৬-১ ফলাফলত পৰাস্ত কৰি খিতাপ অৰ্জন কৰিছে। পুৰুষৰ ছিংগলছৰ আজি ফাইনেল অনুষ্ঠিত হ'ব। ফাইনেলত বিশ্বৰ প্ৰথম স্থানৰ খেলুৱৈ জানিক ছিনাৰ যোৱাবাৰৰ ছেম্পিয়ন কাৰ্লছ আলকাৰাজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছিনাৰে ছেমি ফাইনেলত পূৰ্বৰ ছেম্পিয়ন নাভাক জকভিছক ৬-৪, ৭-৫, ৭-৬ ছেটত পৰাস্ত কৰে। আনহাতে আল কাৰাজে ...

June 1, 2025 9:22 PM

views 34

ফ্রেন্স অপেন টেনিছত ভাৰতৰ ইউকি ভান্ত্ৰী আৰু আমেৰিকাৰ ৰবাৰ্ট গালোৱেৰ যুটীটো আমেৰিকান যুটী ইভান কিং আৰু খ্ৰীষ্টিয়ান হেৰিচনৰ বিৰুদ্ধে অৱতীৰ্ণ

ফ্রেন্স অপেন টেনিছত আজি ভাৰতৰ তাৰকা খেলুৱৈ ইউকি ভান্ত্ৰী আৰু আমেৰিকাৰ ৰবাৰ্ট গালোৱেৰ যুটীটো আমেৰিকান যুটী ইভান কিং আৰু খ্ৰীষ্টিয়ান হেৰিচনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইফালে পুৰুষৰ ছিংগলছত আজি যোৱাবাৰৰ চেম্পিয়ন কাৰ্লোৰ্ছ আলকাৰাজে আমেৰিকাৰ বেন শ্বেলটনৰ বিৰুদ্ধে খেলিব। আজি হ'বলগীয়া মহিলাৰ আন এখন গুৰুত্বপূৰ্ণ খেলত পোলেণ্ডৰ ইগা চুয়াটেকে প্রাক্তন উইম্বলডন বিজয়ী কাজাখস্তানৰ এলিনা ৰিবাকিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

May 25, 2025 8:32 PM

views 27

ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতা আৰম্ভ

পেৰিছত আজি ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতা আৰম্ভ হ'ব। ৰোলাঁ-গেৰো হিচাপেও পৰিচিত এই প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ শাখাত ৰোহন বোপান্না, য়ুকি ভান্ত্রি, এন শ্ৰীৰাম বালাজী আৰু ঋত্বিক চৌধাৰী বল্লিপাল্লিয়ে ভাৰতক প্রতিনিধিত্ব কৰিছে। প্ৰথম ৰাউণ্ডৰ খেলত আজি বোপান্নাই তেওঁৰ সহযোগী ছেকগণৰাজ্যৰ আদাম পাভলাছেকৰ সৈতে আমেৰিকান যুটী ৰবাৰ্ট কেছ আৰু জেমছ ট্ৰেছীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কি ভাম্বিয়ে তেওঁৰ সহযোগী আমেৰিকাৰ ৰবাৰ্ট গেল'ৱেসহ নেদাৰলেণ্ডছৰ ৰবিন হাছে আৰু তেওঁৰ জাৰ্মানীৰ হেন্দ্ৰিক জেবেল যুটীৰ বিৰুদ্ধে খেলিব। উল্ল...

June 6, 2024 11:41 AM

views 32

ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাত আজি ৰোহন বোপন্না-মেথিউ এবডেন যুটিৰ ছেমি ফাইনেল মেচ

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটিটো আজি ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত একাদশ বাছনিপ্ৰাপ্ত ইটালীৰ ছিমন বলেলি আৰু এনড্ৰিয়া ভাভাছৰিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বোপন্না আৰু এবডেনৰ যুটিটোৱে কালি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত দশম বাছনিপ্রাপ্ত বেলজিয়ামৰ ছেণ্ডাৰ গিলে আৰু জৰেন ভ্লিয়েগেনৰ যুটিটোক ৭-৬, ৫-৭, ৬-১ ছেটত পৰাস্ত কৰে ।