■ নভাক জ’ক’ভিছ আৰু বিশ্ব ৰেংকিঙৰ প্ৰথম স্থানত থকা জানিক চিনাৰে ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিছে। দুয়োগৰাকী খেলুৱৈ যোৱা নিশা নিজৰ নিজৰ খেলত জয়লাভেৰে চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰে। খেলুৱৈ জীৱনৰ ২৫ সংখ্যক গ্ৰেণ্ডস্লাম বিজয়ৰ লক্ষ্যৰে ফ্ৰেন্স অপেনত প্ৰতিদ্বন্দিতা কৰা নভাক জ’ক’ভিছে অষ্ট্ৰেলিয়াৰ ফিলিপ মিছ’লিকক ৬-৩, ৬-৪, ৬-২ ছেটত পৰাস্ত কৰে। তেওঁ কোৱাৰ্টাৰ ফাইনেলত ব্ৰিটেইনৰ কেমেৰ’ন নুৰিৰ বিৰুদ্ধে খেলিব। আনহাতে, জানিক চিনাৰে চেকোশ্লোভাকিয়াৰ জিৰি লেহেকাক ৬-০, ৬–১, ৬–২ ছেটত পৰাস্ত কৰে। ইটালীৰ খেলুৱৈগৰাকীয়ে যোৱা বছৰ ইউ এছ অপেন আৰু চলিত বছৰৰ অস্ট্রেলিয়ান অপেন জয় কৰিছিল। পৰৱৰ্তী খেলত জানিক চিনাৰ ৰাছিয়াৰ আন্দ্ৰে ৰুবলেভৰ মুখামুখি হ’ব।
প্ৰতিযোগিতাৰ তৃতীয় বাচনিৰ তথা বিগত বৰ্ষৰ ৰানাৰ্ছ আপ আলেকজেণ্ডাৰ জেভেভে -ফ্লেভিঅ’ ক’বলিক ৬-২, ৭-৬,,৬–১ ছেটত পৰাস্ত কৰে। মহিলাৰ শাখাত মেডিচন কিজে ছোফিয়া কেনিনৰ বিৰুদ্ধে ৪-৬, ৬-৩, ৭-৫ ছেটত বিজয় সাব্যস্ত কৰে। আমেৰিকাৰ ক’ক’ গৌফ, জেচিকা পেগুলা আৰু হেইলি বাপ্তিষ্টেও পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে ।
আজি যোৱাবাৰৰ ছেম্পিয়ন কার্লোছ আলকাৰাজে বেন শ্বেলটনৰ বিৰুদ্ধে খেলিব। আজি হ’বলগীয়া মহিলাৰ এখন গুৰুত্বপূৰ্ণ খেলত ইগা চুয়াটেকে-প্রাক্তন উইম্বলডন বিজয়ী ইলিনা ৰিবাকিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Site Admin | June 1, 2025 3:42 PM | France Open | Novak Djokovic | SPORTS | Tennis
ফ্ৰেন্স অপেন টেনিছত নভাক জ’ক’ভিছ আৰু জানিক চিনাৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ
