ডাউনলোড
মোবাইল এপ

android apple
signal

ফ্রেন্স অ’পেন টেনিছত ইটালীয়ান যুটী চাৰা ইৰৰাণী আৰু জেচমীন পাৱলিনিৰ মহিলাৰ ডাবলছৰ খিতাপ জয়

ফ্রেন্স অ’পেন টেনিছ প্রতিযোগিতাত দ্বিতীয় বাচনিৰ ইটালীয়ান যুটী চাৰা ইৰৰাণী আৰু জেচমীন পাৱলিনিয়ে মহিলাৰ ডাবলছৰ খিতাপ জয় কৰিছে। যুটীটোৱে কাজাখস্তানৰ আন্না ডেনেলিনা আৰু ছাৰ্ভিয়াৰ আলেকজেন্দ্রা ক্রুনিক যুটীক ৬-৪, ২-৬, ৬-১ ফলাফলত পৰাস্ত কৰি খিতাপ অৰ্জন কৰিছে।
পুৰুষৰ ছিংগলছৰ আজি ফাইনেল অনুষ্ঠিত হ’ব। ফাইনেলত বিশ্বৰ প্ৰথম স্থানৰ খেলুৱৈ জানিক ছিনাৰ যোৱাবাৰৰ ছেম্পিয়ন কাৰ্লছ আলকাৰাজৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ছিনাৰে ছেমি ফাইনেলত পূৰ্বৰ ছেম্পিয়ন নাভাক জকভিছক ৬-৪, ৭-৫, ৭-৬ ছেটত পৰাস্ত কৰে। আনহাতে আল কাৰাজে প্ৰতিদন্দ্বী লৰেঞ্জ’ মুছেটিৰ আঘাটৰ বাবে ছেমি ফাইনেল নেখেলাকৈয়ে ফাইনেলত প্ৰৱেশ কৰে।