ডাউনলোড
মোবাইল এপ

android apple
signal

ফৌজদাৰী গোচৰত দোষী সাব্যস্ত নেতাৰ বিৰুদ্ধে বৰ্তমানৰ ৬ বছৰৰ নিষেধাজ্ঞাই যথেষ্টঃ উচ্চতম ন্যায়ালয়

ফৌজদাৰী গোচৰত দোষী সাব্যস্ত ৰাজনৈতিক নেতাৰ বিৰুদ্ধে আজীৱন নিষেধাজ্ঞাৰ বিৰোধিতা কৰি কেন্দ্ৰীয় চৰকাৰে কালি উচ্চতম ন্যায়ালয়ত এখন শপতনামা দাখিল কৰে। শপতনামাত চৰকাৰে এনেধৰণৰ দোষী সাব্যস্ত নেতাৰ বিৰুদ্ধে বৰ্তমানৰ ৬ বছৰৰ নিষেধাজ্ঞাই যথেষ্ট বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে ফৌজদাৰী গোচৰত দোষী সাব্যস্ত নেতাৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত আজীৱন নিষেধাজ্ঞা আৰোপৰ বাবে অনুৰোধ জনাই উচ্চতম ন্যায়ালয়ত এগৰাকী অধিবক্তাই এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছিল। এই আবেদনত ফৌজদাৰী গোচৰত দোষী সাব্যস্ত নেতাক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত আজীৱন নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে দেশৰ সাংসদ আৰু বিধায়কসকলৰ বিৰুদ্ধে বিচাৰাধীন গোচৰসমূহৰ খৰতকীয়া নিষ্পত্তিৰ বাবে অনুৰোধ জনোৱা হৈছিল। এই আবেদন সন্দৰ্ভত ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ মনমোহনৰ বিচাৰপীঠে দুসপ্তাহ পূৰ্বে কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছিল। এই আবেদনৰ বিৰোধিতা কৰি সৰ্বোচ্চ আদালতত দাখিল কৰা শপতনামাত কেন্দ্ৰীয় চৰকাৰে এই আবেদনৰ অনুৰোধ আইন পুনৰ প্ৰণয়ন কৰা নাইবা সংসদত বিশেষ ধৰণেৰে আইন প্ৰণয়ন কৰিবলৈ নিৰ্দেশ দিয়াৰ সমান বুলি উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে শপতনামাত লগতে এনেধৰণৰ অযোগ্যতা নিৰ্ধাৰণ কৰাৰ অধিকাৰ কেৱল সংসদৰহে আছে বুলি উল্লেখ কৰে। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত আজীৱন নিষেধাজ্ঞা আৰোপ কৰাটো অধিক কঠোৰ শাস্তি হ’ব বুলি চৰকাৰে উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে কয়, যে শাস্তি কাৰ্যকৰী হৈ থকাৰ সময়সীমা নিৰ্ধাৰণ কৰাটো অসাংবিধানিক নহয় আৰু ইয়াৰ দ্বাৰা আইন মানি চলাকে বুজায়।

অধিক পঢ়ক

সকলো চাওক