গুৱাহাটী মহানগৰৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহৰ ভিৰ হ্ৰাস কৰি মহানগৰখনৰ পৰিবহন ব্যৱস্থা সূচল কৰি তোলাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ফাঁচীবজাৰৰ পুৰণি কাৰাগাৰ চৌহদত ২ হেজাৰ ৭০০ বর্গমিটাৰ এলেকাজুৰি এটা পার্কিং জ’ন নিৰ্মাণ কৰি আছে। এই ব্যৱস্থাই জনসাধাৰণক যান-জটৰ সমস্যাৰ পৰা সকাহ দিব বুলি আশা কৰা হৈছে । মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ যান-বাহন চলাচল ব্যৱস্থাৰ ইতিবাচক পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে।
Site Admin | July 26, 2025 8:30 PM | Parking Place
ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰ চৌহদত পার্কিং জ’ন নিৰ্মাণৰত অৱস্থাত
