July 26, 2025 8:30 PM

views 14

ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰ চৌহদত পার্কিং জ’ন নিৰ্মাণৰত অৱস্থাত

গুৱাহাটী মহানগৰৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহৰ ভিৰ হ্ৰাস কৰি মহানগৰখনৰ পৰিবহন ব্যৱস্থা সূচল কৰি তোলাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ফাঁচীবজাৰৰ পুৰণি কাৰাগাৰ চৌহদত ২ হেজাৰ ৭০০ বর্গমিটাৰ এলেকাজুৰি এটা পার্কিং জ'ন নিৰ্মাণ কৰি আছে। এই ব্যৱস্থাই জনসাধাৰণক যান-জটৰ সমস্যাৰ পৰা সকাহ দিব বুলি আশা কৰা হৈছে । মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ যান-বাহন চলাচল ব্যৱস্থাৰ ইতিবাচক পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে।