পৰ্যটকৰ বাবে কালিৰেপৰা মানস ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষৰ ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰী বন্ধ

মানস ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই পৰ্যটকৰ বাবে কালিৰেপৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰিছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে। পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা মথনগুৰিলৈ পৰ্যটকৰ বাবে জীপ চাফাৰীৰ সময়সীমা ২০ জুনলৈ খোলা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু শেহতীয়া বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কালিৰেপৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰা হয়। উল্লেখযোগ্য যে ২০২৩-২৪ পর্যটন বৰ্ষত মানস ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই ১ কোটি ৩০ লাখ টকা ৰাজহ সংগ্ৰহ কৰিছে।