ডাউনলোড
মোবাইল এপ

android apple
signal

July 26, 2025 10:35 AM | UPSC

printer

পৰীক্ষাত আপত্তিজনক সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগত কেন্দ্ৰীয় লোকসেৱা আয়োগে এগৰাকী প্ৰাৰ্থীক তিনিবছৰৰ বাবে সকলো ধৰণৰ পৰীক্ষা আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ পৰা বহিষ্কাৰ কৰিছে

শেহতীয়া পৰীক্ষাত আপত্তিজনক সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগত কেন্দ্ৰীয় লোকসেৱা আয়োগে এগৰাকী প্ৰাৰ্থীক তিনিবছৰৰ বাবে সকলো ধৰণৰ পৰীক্ষা আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ পৰা বহিষ্কাৰ কৰা হৈছে। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ ড০ অজয় কুমাৰে এই বিষয়ে সদৰি কৰি কয়, যে আয়োগে পৰীক্ষা প্রক্রিয়া সংহত, নিকা আৰু স্বচ্ছ কৰাৰ ক্ষেত্ৰত উপযুক্ত মান বজাই ৰখাত দৃঢ়ভাৱে প্ৰতিজ্ঞাবদ্ধ। তেওঁ কয়, যে যদিহে কোনো প্রার্থীক পৰীক্ষাৰ সময়ত অনৈতিক কাৰ্যত জড়িত হোৱাৰ প্ৰমাণ পোৱা যায় তেতিয়াহ’লে সেই প্ৰাৰ্থীগৰাকীক বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভৱিষ্যতলৈও তেওঁক পৰীক্ষাৰ পৰা বহিষ্কাৰ কৰা হ’ব পাৰে। তেওঁ লগতে কয়, যে চৰকাৰী সেৱাসমূহত নিযুক্তিৰ ক্ষেত্ৰত পৰীক্ষা প্ৰক্ৰিয়াত এইধৰণৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা আছে। অধ্যক্ষগৰাকীয়ে লগতে কয়, যে কেন্দ্ৰীয় লোকসেৱা আয়োগ হৈছে মেধা আৰু স্বচ্ছ ব্যৱস্থাৰ প্ৰতীক আৰু যিকোনো পৰিৱেশ-পৰিস্থিতিৰ পৰা অহা উপযুক্ত প্ৰাৰ্থীয়ে আয়োগৰ পৰীক্ষাত মেধাৰ ভিত্তিত নির্বাচিত হয়।