December 19, 2025 7:23 PM

views 15

কেন্দ্রীয় লোকসেৱা আয়োগৰ অভিযান্ত্ৰিক সেৱা পৰীক্ষা-২০২৫ত শিলচৰৰ বিকাশ যাদৱৰ পঞ্চবিংশ স্থান লাভ

কেন্দ্রীয় লোকসেৱা আয়োগৰ অভিযান্ত্ৰিক সেৱা পৰীক্ষা-২০২৫ত শিলচৰৰ বাৰিক নগৰৰ বিকাশ যাদৱে স্থান লাভ কৰিছে। এই পৰীক্ষাত সৰ্বভাৰতীয় ৰেংকিঙত বিকাশ যাদৱে পঞ্চবিংশ স্থান অধিকাৰ কৰিছে। ইয়াৰ পূর্বে ২০২০ চনত অনুষ্ঠিত পৰীক্ষাত ৩৯ নম্বৰ স্থান লাভ কৰি তেওঁ জলশক্তি মন্ত্ৰ্যালয়ৰ অধীনৰ কেন্দ্ৰীয় জল আয়োগত সহকাৰী সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছিল। প্ৰায় ৫ বছৰ পাছত অভিযান্ত্রিক সেৱাৰ পৰীক্ষাত পুনৰবাৰ অৱতীৰ্ণ হৈ বিকাশ যাদবে এই সফলতা লাভ কৰা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিয়ে।

July 26, 2025 10:35 AM

views 37

পৰীক্ষাত আপত্তিজনক সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগত কেন্দ্ৰীয় লোকসেৱা আয়োগে এগৰাকী প্ৰাৰ্থীক তিনিবছৰৰ বাবে সকলো ধৰণৰ পৰীক্ষা আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ পৰা বহিষ্কাৰ কৰিছে

শেহতীয়া পৰীক্ষাত আপত্তিজনক সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগত কেন্দ্ৰীয় লোকসেৱা আয়োগে এগৰাকী প্ৰাৰ্থীক তিনিবছৰৰ বাবে সকলো ধৰণৰ পৰীক্ষা আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ পৰা বহিষ্কাৰ কৰা হৈছে। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ ড০ অজয় কুমাৰে এই বিষয়ে সদৰি কৰি কয়, যে আয়োগে পৰীক্ষা প্রক্রিয়া সংহত, নিকা আৰু স্বচ্ছ কৰাৰ ক্ষেত্ৰত উপযুক্ত মান বজাই ৰখাত দৃঢ়ভাৱে প্ৰতিজ্ঞাবদ্ধ। তেওঁ কয়, যে যদিহে কোনো প্রার্থীক পৰীক্ষাৰ সময়ত অনৈতিক কাৰ্যত জড়িত হোৱাৰ প্ৰমাণ পোৱা যায় তেতিয়াহ'লে সেই প্ৰাৰ্থীগৰাকীক বিৰুদ্ধে বিহি...

May 24, 2025 12:24 PM

views 24

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। দেশৰ বিভিন্ন কেন্দ্ৰৰ লগতে গুৱাহাটীৰ মুঠ ২৬ টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। গুৱাহাটীৰ পৰীক্ষা কেন্দ্ৰসমূহত মুঠ ১০ হাজাৰ ৫৮৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষাকেন্দ্ৰৰ এশ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী, পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত বিষয়া, আৰক্ষী, আৰু চৰকাৰ অথবা জিলা আয়ুক্তৰ কৰ্তৃত্বপ্রাপ্ত ল...

July 2, 2024 12:53 PM

views 35

UPSC-ৰ চলিত বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ ফলাফল ঘোষণা

কেন্দ্ৰীয় লোকসেৱা আয়োগ- UPSC-এ চলিত বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ ফলাফল ঘোষণা কৰিছে। যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকলে মূল পৰ্যায়ত বহাৰ পূৰ্বে DAF-1 প্ৰ- পত্ৰ পূৰণ কৰিব লাগিব বুলি আয়োগে প্ৰকাশ কৰিছে। এই প্ৰ-পত্ৰ পূৰণৰ বাবে তাৰিখ আৰু প্ৰয়োজনীয় নিৰ্দেশনা আয়োগৰ ৱেবছাইটত প্ৰকাশ কৰা হ'ব ।