প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো ৰাজ্যবাসী শোকত ম্রিয়মান

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো ৰাজ্যবাসী শোকত ম্রিয়মান হৈ আছে। প্রান্তে প্রান্তে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কাইলৈ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে উদ্যানখন মুকলি কৰিব ৷ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ কলঙৰ পাৰৰ নিৰ্মীয়মান উদ্যানখন জুবিন গার্গ ক্ষেত্ৰ হিচাপে নামকৰণ কৰা হৈছে। উদ্যানখনত আজি শিল্পীগৰাকীৰ শিল্পী চিতাভষ্ম স্থাপন কৰাৰ লগতে দুটা নাহৰৰ পুলি ৰোপণ কৰা হয়। নগাঁও জিলা প্ৰশাসন আৰু নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ আহ্বানত কালি চহৰখনৰ নেহৰুবালিত শিল্পীগৰাকীৰ চিতাভষ্মত শ্রদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে ৩০ হাজাৰৰো অধিক লোকে সমস্বৰে মায়াবিনী গীতটো পৰিবেশন কৰে। ডিব্ৰুগড়ৰ আগশাৰীৰ শিক্ষানুষ্ঠান ডিব্ৰু মহাবিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে আজি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ প্ৰিয় গছ নাহৰ গছৰ পুলি ৰোপণ কৰে। জিলাখনৰ মাইজান বৰশইকীয়া গাঁৱৰ ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত আজি শিল্পী আকাশ কৰ্মকাৰে বলুকাত শিল্পীগৰাকীক সুঁৱৰি শিল্পকৰ্ম কৰে। ইপিনে, হোজাই জিলাৰ লংকাৰ ২ নম্বৰ ৰে’লগেটত নির্মীয়মান উৰণ সেতুখন জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰিবলৈ অনুৰোধ জনাই লংকা সাংবাদিক সন্থাই ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।
তিৱা স্বায়ত্ত শাসিত পৰিষদে মৰিগাঁৱত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ পদক্ষেপ লৈছে। এই উপলক্ষে আজি পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।