মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰা অনুসৰি প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাসৰ ক্ষেত্ৰত ৰাজ্যই অভাৱনীয় সফলতা লাভ কৰিছে। দিছপুৰত কালি অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, যে কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰা ২০০১-২০০৩ চনৰ চেম্পুল ৰিচাৰ্চ চিষ্টেম অনুসৰি ৰাজ্যত প্ৰতি লাখ প্ৰসূতিৰ ভিতৰত ৪৯০গৰাকীয়ে মৃত্যুক সাৱতি লৈছিল। ২০১৮-২০২০ একেটা সংস্থাৰ প্ৰতিবেদন মতে ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ সংখ্যা ১৬৭লৈ হ্ৰাস পায়। একেদৰে, ২০২০-২০২২চনত এই হাৰ ১২৫লৈ হ্ৰাস পায়। ফলত মধ্যপ্রদেশ, ছট্টিশগড়, উত্তৰ প্ৰদেশ, ওড়িশা আদি ৰাজ্যক অসমে চেৰ পেলাবলৈ সক্ষম হৈছে। ইফালে, ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে ১০০খন বিচনাযুক্ত চিকিৎসালয় নিৰ্মাণৰ চিন্তা চৰ্চা কৰি থকা হৈছে বুলি তেওঁ উল্লেখ কৰে। ২০২৯ চনৰ ভিতৰত প্ৰতিখন জিলাতে চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে ৰাজ্যত নৱজাতকৰ মৃত্যুৰ হাৰ পূৰ্বৰ ৬৮ শতাংশৰ পৰা ৩২ শতাংশলৈ হ্ৰাস পাইছে।
Site Admin | June 20, 2025 11:51 AM | Assam CM
প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাসৰ ক্ষেত্ৰত ৰাজ্যই অভাৱনীয় সফলতা লাভ কৰিছে : মুখ্যমন্ত্রী
