প্ৰধানমন্ত্ৰী ধন-ধান্য যোজনা আৰু মাহ জাতীয় শস্য অভিযানত আত্মনিৰ্ভৰশীলতাৰ দৰে পদক্ষেপ লোৱা হৈছে: শিৱৰাজ সিং চৌহান

● আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী ধন-ধান্য যোজনা আৰু মাহ জাতীয় শস্য অভিযানত আত্মনিৰ্ভৰশীলতাৰ দৰে পদক্ষেপ লোৱা হৈছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্রকাশ কৰিছে। উল্লেখযোগ্য যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ভাৰতীয় কৃষি বিজ্ঞান প্ৰতিষ্ঠানৰ চৌহদৰ পৰা প্ৰধানমন্ত্ৰী ধন-ধান্য যোজনা আৰু মাহ জাতীয় শস্য অভিযানত আত্মনিৰ্ভৰশীলতা অভিযান মুকলি কৰিব। দূৰদৰ্শনৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী ধন-ধান্য যোজনাৰ অধীনত চৰকাৰে ১০০ খন কম শস্য উৎপাদিত জিলা চিনাক্ত কৰিব আৰু এই জিলাসমূহত উৎপাদন বৃদ্ধিৰ বাবে ব্যৱস্থা ৰূপায়ণ কৰিব। তেওঁ কয়, যে এনে জিলাসমূহৰ কৃষকসকলে জলসিঞ্চন আৰু ঋণৰ সুবিধা লাভ কৰিব। কম শস্য উৎপাদিত জিলাসমূহত উৎপাদন ক্ষমতা বৃদ্ধি হ’লে ৰাষ্ট্ৰীয় উৎপাদন বৃদ্ধি হোৱাৰ উপৰি কৃষকসকলৰ আয় বৃদ্ধি হ’ব বুলি শ্রীচৌহানে প্ৰকাশ কৰে। ভাৰত মাহজাতীয় শস্য সৰ্বাধিক উৎপাদনকাৰী দেশ আৰু সৰ্বাধিক আমদানী কৰা দেশ বুলি উল্লেখ কৰি শ্ৰীচৌহানে কয়, যে মাহজাতীয় শস্যৰ উৎপাদন আৰু ইয়াৰ খেতি কৰাৰ অঞ্চল বৃদ্ধি কৰাৰ বাবে এই অভিযান আৰম্ভ কৰা হৈছে।