ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 3, 2025 1:13 PM | SC Direction

printer

প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পঢ়োৱা শিক্ষক টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক

উচ্চতম ন্যায়ালয়ে কালি এটা গুৰুত্বপূৰ্ণ ৰায়যোগে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পঢ়োৱা শিক্ষকসকল টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক কৰিছে। অৱশ্যে সংখ্যালঘু শৈক্ষিক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এই ৰায় কাৰ্যকৰী নহয়। যিসকল শিক্ষকৰ চাকৰিৰ কাৰ্যকাল ৫ বছৰ বা তাতকৈ কম সময় বাকী আছে, তেওঁলোকে টেট উত্তীৰ্ণ নোহোৱাকৈ বাকী সময়খিনিত চাকৰি কৰি যাব পাৰিব। অৱশ্যে পদোন্নতি বিচাৰিলে টেট উত্তীৰ্ণ হ’ব লাগিব বুলি কোৱা হৈছে। যিসকল শিক্ষকৰ চাকৰিৰ কাৰ্যকাল পাঁচ বছৰৰ অধিক বাকী আছে, তেওঁলোকে দুবছৰৰ ভিতৰত টেট উত্তীর্ণ হ’ব লাগিব। দুবছৰৰ ভিতৰত টেট উত্তীৰ্ণ নহ’লে তেওঁলোকক চাকৰিৰ পৰা অব্যাহতি দিয়া হ’ব আৰু অৱসৰকালীন সা-সুবিধা লাভ কৰিব। এই ৰায় শিক্ষা অধিকাৰ আইন কার্যকৰী হোৱাৰ আগেয়ে অর্থাৎ ২০০৯ চনত শিক্ষক নিযুক্তি লাভ কৰা শিক্ষকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।