মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথ জিলাৰ চতিয়াত প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত উদযাপন কৰা চতিয়া দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এখন ৰাজহুৱা উদ্যানৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে চতিয়া থানাত স্বাধীনতা আন্দোলনৰ ছহিদলৈ শ্রদ্ধাঞ্জলি জনাই ঐতিহাসিক স্বাধীনতা সংগ্ৰামৰ স্মৃতি সোঁৱৰণ কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মাই চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এখন জনসভাক সম্বোধন কৰে। এই সভাতে মুখ্যমন্ত্ৰীয়ে চতিয়াৰ স্বাধীনতা সংগ্ৰামীৰ বীৰত্বক বিষয়বস্তু হিচাপে লৈ বিধায়ক পদ্ম হাজৰিকাক এখন চলিচ্চত্ৰ নিৰ্মাণ কৰিবলৈ আহ্বান জনায়। প্রয়োজন সাপেক্ষে চৰকাৰে চলচ্চিত্ৰ নিৰ্মাণৰ বাবে আর্থিক সাহায্য প্ৰদান কৰিব বুলিও তেওঁ ঘোষণা কৰে। উল্লেখযোগ্য যে ১৯৪২ চনৰ আজিৰ দিনটো চতিয়াৰ ইতিহাসত সোণালী আখৰেৰে লিখা আছে। এই দিনটোতে হাজাৰ হাজাৰ মুক্তিকামী জনতাই চতিয়া থানাত ব্ৰিটিছ ইউনিয়নৰ জেক অৱনমিত কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল। এই দিনটো সুঁৱৰি চতিয়াবাসীয়ে প্ৰতি বছৰে চতিয়া দিৱস হিচাপে পালন কৰি আহিছে। এইবাৰ প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে চতিয়া দিৱস পালন কৰা হৈছে।
Site Admin | August 20, 2025 8:09 PM | CM Chatia Day
প্ৰথমবাৰৰ বাবে উদযাপন কৰা চতিয়া দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
