August 20, 2025 8:09 PM

views 15

প্ৰথমবাৰৰ বাবে উদযাপন কৰা চতিয়া দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথ জিলাৰ চতিয়াত প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত উদযাপন কৰা চতিয়া দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এখন ৰাজহুৱা উদ্যানৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে চতিয়া থানাত স্বাধীনতা আন্দোলনৰ ছহিদলৈ শ্রদ্ধাঞ্জলি জনাই ঐতিহাসিক স্বাধীনতা সংগ্ৰামৰ স্মৃতি সোঁৱৰণ কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মাই চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এখন জনসভাক সম্বোধন কৰে। এই সভাতে মুখ্যমন্ত্ৰীয়ে চতিয়াৰ স্বাধীনত...