ৰাজ্যৰ শিক্ষা জগতত আন্তঃগাঁথনিমূলক নতুন সংযোগৰ সূচনা কৰি বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উদ্বোধন কৰিব। প্রায় ৫৩ কোটি টকা ব্যয় সাপেক্ষ বিশ্ববিদ্যালয়খনৰ এই নতুন চৌহদত প্রশাসনিক ভবন, আধুনিক প্রযুক্তিসম্পন্ন পৰীক্ষাগাৰসহ তিনিটা শৈক্ষিক ভবন, কেফেটেৰিয়া আৰু উপাচাৰ্যৰ লগতে অন্যান্য শৈক্ষিক আৰু অনাশৈক্ষিক বিষয়ববীয়াৰ বাবে আবাসিক ভবনৰ নিৰ্মাণ কৰা হৈছে। অনুষ্ঠানত শিক্ষামন্ত্রী ডা০ ৰণোজ পেণ্ড, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু সাংসদ ফণীভূষণ চৌধুৰী উপস্থিত থাকিব।
পাঠশালাৰ দাঁতিকাষৰীয়া মেধিকুছি গাঁৱৰ বিশ্ববিদ্যালয়খনৰ এই নতুন চৌহদ উদ্বোধনৰ পূৰ্বে ন-ৰূপত সজাই তোলা হৈছে। উল্লেখযোগ্য যে ১৯৫৫ চনৰ ১৬ আগষ্টত স্থাপিত পাঠশালাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বজালী মহাবিদ্যালয়ক তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে ভট্টদের বিশ্ববিদ্যালয় বিধেয়ক ২০১৭ৰ অধীনত বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে আইন প্রণয়ন কৰে। নব্য ঘোষিত বিশ্ববিদ্যালয়খন বজালীৰ প্ৰবাদ পুৰুষ আৰু অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱ নামেৰে পৰিচিত বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্যৰ নামত উৎসর্গা কৰা হয়। ২০১৯ চনৰ ২৪ জুনত প্ৰথমগৰাকী উপাচার্য নিযুক্তি দিয়া হয়। নতুন ভৱন নির্মাণৰ পূৰ্বে বিশ্ববিদ্যালয়খনৰ কাম-কাজ বজালী মহাবিদ্যালয়ৰ চৌহদৰ পৰাই চলাই থকা হৈছিল।