December 30, 2025 10:07 AM

views 21

প্রায় ৫৩ কোটি টকা ব্যয় সাপেক্ষ বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উদ্বোধন কৰিব

ৰাজ্যৰ শিক্ষা জগতত আন্তঃগাঁথনিমূলক নতুন সংযোগৰ সূচনা কৰি বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উদ্বোধন কৰিব। প্রায় ৫৩ কোটি টকা ব্যয় সাপেক্ষ বিশ্ববিদ্যালয়খনৰ এই নতুন চৌহদত প্রশাসনিক ভবন, আধুনিক প্রযুক্তিসম্পন্ন পৰীক্ষাগাৰসহ তিনিটা শৈক্ষিক ভবন, কেফেটেৰিয়া আৰু উপাচাৰ্যৰ লগতে অন্যান্য শৈক্ষিক আৰু অনাশৈক্ষিক বিষয়ববীয়াৰ বাবে আবাসিক ভবনৰ নিৰ্মাণ কৰা হৈছে। অনুষ্ঠানত শিক্ষামন্ত্রী ডা০ ৰণোজ পেণ্ড, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু সাংসদ ফণীভূষণ চ...