প্রযুক্তি খণ্ডৰ আগশাৰীৰ কোম্পানী মাইক্ৰছ’ফটে ২৫ বছৰৰ পাছত পাকিস্তানত কাম-কাজ আনুষ্ঠানিকভাৱে বন্ধ কৰিছে

প্রযুক্তি খণ্ডৰ আগশাৰীৰ কোম্পানী মাইক্ৰছ’ফটে বিশ্বজনীন পুনগঠন প্ৰক্ৰিয়াৰ অংশ হিচাপে ২৫ বছৰৰ পাছত পাকিস্তানত কাম-কাজ আনুষ্ঠানিকভাৱে বন্ধ কৰিছে। ক্লাউড বেড্ পাটনাৰ লেড আৰ্হিৰ দোহাই দি কোম্পানীয়ে এই কথা ঘোষণা কৰিছে। এই আৰ্হিৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তত কোম্পানীটোত কৰ্মৰত প্ৰায় ৯,১০০গৰাকী কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দিয়া হৈছে। মাইক্ৰ’ছফ্‌টৰ পাকিস্তানৰ মুৰব্বী জাৱেদ ৰহমানে কোম্পানীটোৰ কাম-কাজ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে আৰু দেশখনৰ প্ৰত্যাহ্বানজনক অর্থনৈতিক পৰস্থিতি, ৰাজনৈতিক অস্থিৰতা, কৰৰ উচ্চ হাৰ, মুদ্ৰাজনিত বিষয় আৰু বাণিজ্যিক বাধা-নিষেধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে। ইপিনে পাকিস্তানৰ ৰাষ্ট্ৰপতি ড০ আফি আভিয়ে এই সিদ্ধান্তক পাকিস্তানৰ অৰ্থব্যৱস্থাৰ বাবে বিপদৰ সংকেত বুলি অভিহিত কৰিছে। উল্লেখযোগ্য যে ২০০০ চনৰ ৭ মাৰ্চত পাকিস্তানত কাম-কাজ আৰম্ভ কৰা মাইক্ৰ’ছফ্‌ট কোম্পানীটোৱে দেশখনৰ ডিজিটেল বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিশেষজ্ঞসকলে কোম্পানীটোৰ কাম-কাজ বন্ধৰ দৰে কাৰ্যই পাকিস্তানৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি কঢ়িয়াই অনা ব্যাপক সংকেতকে সূচাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।