July 5, 2025 5:08 PM

views 55

প্রযুক্তি খণ্ডৰ আগশাৰীৰ কোম্পানী মাইক্ৰছ’ফটে ২৫ বছৰৰ পাছত পাকিস্তানত কাম-কাজ আনুষ্ঠানিকভাৱে বন্ধ কৰিছে

প্রযুক্তি খণ্ডৰ আগশাৰীৰ কোম্পানী মাইক্ৰছ'ফটে বিশ্বজনীন পুনগঠন প্ৰক্ৰিয়াৰ অংশ হিচাপে ২৫ বছৰৰ পাছত পাকিস্তানত কাম-কাজ আনুষ্ঠানিকভাৱে বন্ধ কৰিছে। ক্লাউড বেড্ পাটনাৰ লেড আৰ্হিৰ দোহাই দি কোম্পানীয়ে এই কথা ঘোষণা কৰিছে। এই আৰ্হিৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তত কোম্পানীটোত কৰ্মৰত প্ৰায় ৯,১০০গৰাকী কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দিয়া হৈছে। মাইক্ৰ'ছফ্‌টৰ পাকিস্তানৰ মুৰব্বী জাৱেদ ৰহমানে কোম্পানীটোৰ কাম-কাজ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে আৰু দেশখনৰ প্ৰত্যাহ্বানজনক অর্থনৈতিক পৰস্থিতি, ৰাজনৈতিক অস্থিৰতা, কৰৰ উচ্চ হা...

July 20, 2024 12:30 PM

views 41

মাইক্ৰ’ছফ্টৰ ছফ্টৱেৰৰ খেলিমেলিত প্ৰভাৱিত ব্যৱসায়ী, বেংকিং সেৱা, চিকিৎসালয় আৰু বিমান চলাচল ক্ৰমাৎ স্বাভাৱিক

মাইক্ৰ'ছফ্টৰ ছফ্টৱেৰৰ খেলিমেলিৰ বাবে বিশ্ব জুৰি প্ৰভাৱিত বিমান পৰিবহণ সেৱাৰ পৰা স্বাস্থ্য যতনলৈ বিভিন্ন সেৱা ক্ৰমাৎ স্বাভাৱিক হ'বলৈ ধৰিছে। মাইক্ৰ'ছফ্টৰ ছফ্টৱেৰৰ খেলিমেলিৰ ফলত সমগ্ৰ বিশ্বৰ লাখ লাখ লোক প্ৰভাৱিত হৈছে। ইয়াৰ বাবে ব্যৱসায়ী, বেংকিং সেৱা, চিকিৎসালয় আৰু বিমান চলাচলৰ ক্ষেত্ৰত সৰ্বাধিক প্ৰভাৱ পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্রাউড ষ্ট্ৰাইক নামৰ চাইবাৰ সুৰক্ষা কোম্পানীটোৱে বিসংগতিপূর্ণ ছফটৱেৰ আপডেট জাৰি কৰাৰ পাছতেই মাইক্ৰছফটৰ উইণ্ডোজ অপাৰেটিং ছিষ্টেম প্ৰভাৱিত হয় আৰু ইয়াৰ ফলত সমগ্ৰ বিশ্বৰ ...

July 19, 2024 8:30 PM

views 32

চৰকাৰে মাইক্ৰ’চট চফ্‌ফ্টৱেৰত হোৱা খেলিমেলি সন্দৰ্ভত যোগাযোগ ৰক্ষা কৰি আছে : অশ্বিনী বৈষ্ণৱ

চৰকাৰে মাইক্ৰ'চট চফ্‌ফ্টৱেৰত হোৱা খেলিমেলি সন্দৰ্ভত মাইক্ৰ'চফ্‌ট আৰু ইয়াৰ সহযোগী কোম্পানীসমূহৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। কেন্দ্রীয় তথ্য-প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে সামাজিক মাধ্যমযোগে কৈছে যে, এই খেলিমেলিৰ কাৰণ চিনাক্ত কৰা হৈছে আৰু সমস্যা সমাধানৰ বাবে আপডেট জাৰি কৰা হৈছে। ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ নেটৱৰ্ক প্ৰভাৱিত হোৱা নাই বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। ইপিনে, ভাৰতীয় কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি দলে এই সমস্যা সন্দৰ্ভত পৰামৰ্শ জাৰি কৰিছে। এই পৰামৰ্শাৱলীত ক্লাউড স্ট্রাইক এজেণ্...