কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ বিজ্ঞানৰ সংস্কাৰৰ ক্ষেত্ৰত শান্তি বিধেয়ক বৃহৎ সাফল্য হিচাপে পৰিগণিত হৈছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত শ্রীসিঙে কয় যে দেশৰ পাৰমাণৱিক শক্তি সামর্থ্য ২০১৪ চনৰ ৪ দশমিক ৪ গিগাৱাটৰ পৰা দুগুণ বৃদ্ধি হৈ বৰ্তমান এই সামর্থ্য প্রায় ৮ দশমিক ৭ গিগাৱাট হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে শান্তি বিধেয়কে ভাৰতৰ পাৰমাণবিক খণ্ডত এটা ঐতিহাসিক সংস্কাৰ সাধন কৰিছে। এই বিধেয়কৰ ফলত দেশৰ সুৰক্ষা, সাৰ্বভৌমত্ব আৰু ৰাজহুৱা স্বাৰ্থ বৰ্তাই ৰখাৰ ক্ষেত্ৰত সেউজ আৰু বহনক্ষম শক্তিৰ সম্ভাৱনা বৃদ্ধি কৰিছে। তেওঁ লগতে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালত বিজ্ঞান, উদ্ভাৱন আৰু উদ্যমিতাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছে। উদ্ভাসিত কৃত্রিম বুদ্ধিমত্তা কোৱান্টাম আৰু তথ্য আদান-প্ৰদান অৰ্থব্যৱস্থা সন্দৰ্ভত তেওঁ কয় যে পাৰমাণবিক শক্তিয়ে বিশ্বাসযোগ্য বাধাহীন শক্তি আহৰণৰ উৎস হিচাপে পৰিগণিত হৈছে।
Site Admin | December 28, 2025 10:09 PM | Dr. Jitendra Singh
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ বিজ্ঞানৰ সংস্কাৰৰ ক্ষেত্ৰত শান্তি বিধেয়ক বৃহৎ সাফল্য হিচাপে পৰিগণিত হৈছেঃ ড০ জিতেন্দ্র সিং