প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ভাৰত এখন উন্নত ৰাষ্ট্ৰৰ দিশে দ্রুতগতিত ধাৱমান হৈছে। বিজেপিৰ সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্রকাশ নাড্ডাই কালি ছিমলাত এই কথা প্ৰকাশ কৰে। হিমাচল প্ৰদেশৰ ছিমলাত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি বিজেপিৰ সভাপতিগৰাকীয়ে কয়, যে সমগ্ৰ দেশতে নিৰ্মাণ কৰা বিজেপিৰ কাৰ্যালয়সমূহ কেৱল এটা কাৰ্যালয় গৃহ নহয়, বৰং ই নীতি আদৰ্শ, জনসাধাৰণৰ বাবে সেৱা আদিৰো কেন্দ্ৰস্থল হৈ পৰিছে। তেওঁ কয়, যে বিজেপি হৈছে এটা আদৰ্শক ভিত্তি কৰি গঢ়ি উঠা দল। কিন্তু কংগ্রেছ বা অন্যান্য দলৰ এই আদর্শ নাই। বিজেপিৰ সভাপতিগৰাকীয়ে কয়, যে পূৰ্বৰ ইউ পি এ চৰকাৰ কেৱল মাত্ৰ জাতি আৰু স্বজন তোষনৰ ভিত্তিত শাসনাত অধিস্থিত আছিল যদিও বিজেপিয়ে শাসনলৈ আহি সু-প্ৰশাসনৰ ধাৰণা বাস্তৱায়িত কৰে।
শ্রীনাড্ডাই কয়, যে কেন্দ্রীয় চৰকাৰে ৱক্ফ বৰ্ড আইন সংশোধন আৰু তিনি তালাক ব্যৱস্থাৰ বিলোপ সাধনৰ জৰিয়তে মুছলিম জনসাধাৰণলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।
বিজেপিৰ সভাপতিগৰাকীয়ে লগতে কয়, যে সমগ্ৰ দেশতে দলটোৰ ১৪ কোটি সদস্য আছে। একেদৰে ১০ লাখতকৈ অধিক সক্রিয় সদস্য আৰু ছয় লাখতকৈও অধিক বুথ সমিতিয়ে বিজেপিক পৃথিৱীৰ ভিতৰতে এটা বৃহৎ ৰাজনৈতিক দল হিচাপে পৰিচিতি দিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ জৰিয়তে ভাৰত বৰ্তমান বিশ্বৰ চতুৰ্থ বৃহৎ অর্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে।
Site Admin | December 14, 2025 12:03 PM | J P Nadda Meeting
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ভাৰত এখন উন্নত ৰাষ্ট্ৰৰ দিশে দ্রুতগতিত ধাৱমান হৈছেঃ কেন্দ্ৰীয় মন্ত্ৰী জগত প্রকাশ নাড্ডা