ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উদ্বোধন কৰিব ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীর্ষ সন্মিলন ২০২৪

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীর্ষ সন্মিলন ২০২৪ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে এই শীর্ষ সন্মিলনত উদ্বোধনী ভাষণ দিব। এই সন্মিলনত বিশ্বৰ বিভিন্ন ঠাইৰ আগশাৰীৰ উদ্যোগপতি, কূটনীতিবিদ, বাণিজ্য প্রতিনিধি আৰু বিনিয়োগকাৰীসকলে অংশগ্রহণ কৰিব। এই সন্মিলনত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই আদৰণি ভাষণ আগবঢ়াব। তিনি দিনীয়াকৈ হ’বলগীয়া এই শীৰ্ষ সন্মিলনত অংশীদাৰ ৰাষ্ট্ৰ হিচাপে অংশগ্রহণ কৰিবলগীয়া ১৭খন দেশকে ধৰি মুঠ ৩২খন দেশে অংশগ্রহণ কৰিব। এই শীর্ষ সন্মিলনৰ পূৰ্বেই ইতিমধ্যে ৩০ লাখ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়। সন্মিলনৰ লগত সংগতি ৰাখি বিভিন্ন দেশত লাভ কৰি থকা ৰাজস্থানৰ লোকসকলক একত্ৰিত কৰি ৰাজ্যখনক সহযোগিতামূলক দৃষ্টিভংগীৰে আগবঢ়াই নিয়াৰ উদ্দেশ্যে অহা ১০ ডিচেম্বৰত প্ৰবাসী ৰাজস্থানী সন্মিলন হ’ব। ১১ ডিচেম্বৰত অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগী নীতি নিৰ্ধাৰক তথা আৰু উদ্যোগ বিশেষজ্ঞসকলৰ অংশগ্রহণেৰে ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ সন্মিলন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।