কৃষকসকলৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্রতিশ্রুতিবদ্ধ আৰু তেওঁলোকৰ সুবিধার্থে চৰকাৰে ভালেমান পদক্ষেপ মুকলি কৰিছে বুলি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রকাশ কৰিছে। নামৰূপ সাৰ কাৰখানাত আজি নতুন ব্রাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্রধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ নতুন যুগৰ সুচনা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্রী মোদীয়ে অসমৰ উন্নয়নৰ যাত্ৰাৰ এয়া আৰম্ভণিহে বুলি মন্তব্য কৰে। তেওঁ অসমক আহোম ৰাজত্বৰ সোণোৱালী দিনবোৰৰ দৰে শক্তিশালী কৰি তোলা হ’ব বুলি উল্লেখ কৰে। নামৰূপৰ নতুন এম’নিয়া ইউৰিয়া প্ৰকল্পৰ বাবে কৃষক ৰাইজক অভিনন্দন জনাই প্রধানমন্ত্রীগৰাকীয়ে কয়, যে বিকশিত ভাৰতৰ লক্ষ্য প্রাপ্তিৰ ক্ষেত্ৰত অন্নদাতাসকলৰ গুৰুত্বপূর্ণ ভূমিকা আছে। শ্রী মোদীয়ে কয়, যে ২০১৪ চনত দেশত সাৰ উৎপাদন ২২৫ লাখ মেট্রিক টন হোৱাৰ পৰিৱৰ্তে বর্তমান এই উৎপাদন ৩০৬ লাখ মেট্রিক টনলৈ বৃদ্ধি হৈছে। কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰি সাৰ উৎপাদনত সম্পূর্ণ আত্মনিৰ্ভৰ হ’বলৈ নতুন নতুন উৎপাদন ক্ষমতা গঢ়ি তোলাৰ বাবে চৰকাৰে অবিত প্রচেষ্টা চলাই যাব বুলি প্রধানমন্ত্রীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে প্রায় ১১ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া নামৰূপৰ এই প্ৰকল্পত বছৰি ১২ লাখ মেট্রিক টনতকৈ অধিক সাৰ প্ৰস্তুত হ’ব। কৃষকসকলৰ হিত সাধনৰ ক্ষেত্ৰত চৰকাৰ অত্যন্ত সংবেদনশীল বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়, যে কৃষকসকসকলৰ ওপৰত যাতে অতিৰিক্ত বোজা নপৰে তাৰ বাবে উইৰিয়া আমদানিৰ ব্যয় চৰকাৰে বহন কৰে। দেশত বছৰি প্রয়োজন হোৱা ৩৮০ লাখ মেট্রিকটন ইউৰিয়াৰ বিপৰীতে বর্তমান ৩০৬ লাখ মেট্রিকটন ইউৰিয়া উৎপাদন হয় বুলি শ্রী মোদীয়ে প্ৰকাশ কৰে।
অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমে আজি বিকাশ আৰু উন্নয়নৰ নতুন আকাশ চুবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে। আজিৰ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
উল্লেখযোগ্য যে, দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ অহা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি পুৱাৰ ভাগত গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ ২৫ গৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চর্চা কাৰ্যসূচীত অংশ লৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰে। পৰীক্ষাৰ সময়ত সৃষ্টি হোৱা মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে শ্রীমোদীয়ে তেওঁলোকক পৰামর্শ দিয়ে। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত ছহিদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি ৮৬০ গৰাকী বীৰ ছহিদক প্রণিপাত জনাই ছহিদ বেদীত পুষ্পাঞ্জলি তর্পণ কৰে।