December 21, 2025 9:13 PM

views 20

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ১০৬০০ কোটি টকা ব্যয় সাপেক্ষে নামৰূপ সাৰ কাৰখানাত নতুন ব্রাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন

কৃষকসকলৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্রতিশ্রুতিবদ্ধ আৰু তেওঁলোকৰ সুবিধার্থে চৰকাৰে ভালেমান পদক্ষেপ মুকলি কৰিছে বুলি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রকাশ কৰিছে। নামৰূপ সাৰ কাৰখানাত আজি নতুন ব্রাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্রধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ নতুন যুগৰ সুচনা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্রী মোদীয়ে অসমৰ উন্নয়নৰ যাত্ৰাৰ এয়া আৰম্ভণিহে বুলি মন্তব্য কৰে। তেওঁ অসমক আহোম ৰাজত্বৰ সোণোৱালী দিনবোৰৰ দৰে শক্তিশালী কৰি তোলা হ'ব ...