প্রধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত দেশত ৩, ৩০০তকৈও অধিক প্রাথমিক চিকিৎসা সেৱা কেন্দ্ৰ স্থাপন

প্রধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত দেশত ৩ হাজাৰ ৩০০তকৈও অধিক প্রাথমিক চিকিৎসা সেৱা কেন্দ্ৰ, ৭৩০টা সংহত জনস্বাস্থ্য পৰীক্ষাগাৰ আৰু ৬০২টা জটিল ৰোগ চিকিৎসা কেন্দ্ৰ স্থাপন কৰাৰ লক্ষ্য হাতত লোৱা হৈছে। আজি লোকসভাত লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডাই কয়, যে এই অভিযানৰ প্ৰধান লক্ষ্য হৈছে দেশত শক্তিশালী স্বাস্থ্য সেৱা প্ৰদান কৰা আৰু জনস্বাস্থ্যৰ আন্তঃগাঁথনি উন্নত কৰা। মন্ত্ৰীগৰাকীয়ে কয়, যে এই অভিযানৰ মূল লক্ষ্য হৈছে সকলো পৰ্যায়তে জনসাধাৰণে লাভ কৰা স্বাস্থ্য সেৱাৰ মান উন্নত কৰা। শ্ৰীনাড্ডাই আৰু কয়, যে প্রধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত ৬৪ হাজাৰ কোটিতকৈও অধিক টকাৰ কেন্দ্ৰীয় আঁচনি ৰূপায়ণ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।