December 9, 2025 8:14 PM

views 24

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বিগত বিত্তীয় বৰ্ষত ২ কোটিৰো অধিক আবেদনকাৰীক ২৮ হাজাৰ কোটিতকৈ অধিক ধন প্ৰদান

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত যোৱা বিত্তীয় বৰ্ষত ২ কোটিৰো অধিক আবেদনকাৰীক ২৮ হাজাৰ কোটিতকৈ অধিক টকা প্ৰদান কৰা হৈছে। আজি ৰাজ্যসভাৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতাপৰাও যাদৱে কয়, যে এই আঁচনিৰ জৰিয়তে ১২ কোটি পৰিয়ালক ৫ লাখকৈ স্বাস্থ্যবীমা প্ৰদান কৰা হৈছে। শ্ৰীযাদৱে লগতে কয় যে চলিত বৰ্ষৰ অক্টোবৰ মাহলৈকে এই আঁচনিৰ অধীনত ৪২ কোটিতকৈ অধিক লোকে আয়ুষ্মান কার্ড লাভ কৰিছে। লগতে জ্যেষ্ঠ নাগৰিকৰ বাবে আয়ুষ্মান ভাই বন্দনা শ্ৰেণীৰ অধী...

May 29, 2025 9:32 PM

views 17

আয়ুষ্মাণ ভাৰত হৈছে পৃথিৱীৰ পৃথিৱীৰ সৰ্ববৃহৎ স্বাস্থ্য অভিযানঃ জে পি নাড্ডা

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই কয়, যে আয়ুষ্মাণ ভাৰত হৈছে পৃথিৱীৰ পৃথিৱীৰ সৰ্ববৃহৎ স্বাস্থ্য অভিযান। আয়ুষ্মাণ ভাৰতৰ জৰিয়তে দেশৰ ৬২ কোটি লোকক সামৰি লোৱা হৈছে। নতুন দিল্লীত অনুষ্ঠিত চি আই আই বার্ষিক ব্যৱসায়িক সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰী নাড্ডাই কয়, যে ৭০ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলক অয়ুষ্মাণ ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বছৰি ৫ লাখ টকা মূল্যৰ চিকিৎসা ব্যয় আগবঢ়োৱা হয়। এই আঁচনি প্ৰৱৰ্তনৰ সময়ৰে পৰা বৰ্তমানলৈ ৯ কোটি ৪০ লাখ হাস্পতালত ইয়াৰ সুবিধা অন্তৰ্ভুক্ত হৈছে।

April 11, 2025 6:32 PM

views 17

প্ৰধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান ৰূপায়ণ কৰাৰ বাবে প্রধানমন্ত্ৰী মোদী চৰকাৰক শলাগ দিল্লী চৰকাৰৰ

দিল্লী চৰকাৰে প্ৰধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান ৰূপায়ণ কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰখনৰ শলাগ লৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে দিল্লীৰ স্বাস্থ্য খণ্ডৰ দিশত এয়া হৈছে এটা উল্লেখনীয় পদক্ষেপ। তেওঁ কয়, যে এই অভিযানৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ লাখ লাখ নাগৰিক বিশেষভাৱে উপকৃত হ'ব।

December 13, 2024 8:31 PM

views 24

১০ ডিচেম্বৰ পৰ্য্যন্ত সমগ্ৰ দেশত ১ লাখ ৭৫ হাজাৰৰো অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন

যোৱা ১০ ডিচেম্বৰ পৰ্য্যন্ত সমগ্ৰ দেশত ১ লাখ ৭৫ হাজাৰৰো অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰা হৈছে। লোকসভাত আজি এটা লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলে এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে গাঁও আৰু চহৰ অঞ্চলত থকা উপ স্বাস্থ্য কেন্দ্ৰ আৰু প্রাথমিক স্বাস্থ্য কেন্দ্ৰসমূহৰ ৰূপান্তৰ কৰি এই আৰোগ্য মন্দিৰসমূহ স্থাপন কৰা হৈছে।

November 29, 2024 8:51 PM

views 14

প্রধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত দেশত ৩, ৩০০তকৈও অধিক প্রাথমিক চিকিৎসা সেৱা কেন্দ্ৰ স্থাপন

প্রধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত দেশত ৩ হাজাৰ ৩০০তকৈও অধিক প্রাথমিক চিকিৎসা সেৱা কেন্দ্ৰ, ৭৩০টা সংহত জনস্বাস্থ্য পৰীক্ষাগাৰ আৰু ৬০২টা জটিল ৰোগ চিকিৎসা কেন্দ্ৰ স্থাপন কৰাৰ লক্ষ্য হাতত লোৱা হৈছে। আজি লোকসভাত লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডাই কয়, যে এই অভিযানৰ প্ৰধান লক্ষ্য হৈছে দেশত শক্তিশালী স্বাস্থ্য সেৱা প্ৰদান কৰা আৰু জনস্বাস্থ্যৰ আন্তঃগাঁথনি উন্নত কৰা। মন্ত্ৰীগৰাকীয়ে কয়, যে এই অভিযানৰ মূল লক্ষ্য হৈছে সকলো পৰ্যায়তে জনসাধাৰণ...

September 23, 2024 8:11 PM

views 17

আয়ুস্মান ভাৰত-প্রধানমন্ত্ৰীৰ জন আৰোগ্য যোজনাৰ ৬বছৰ সম্পূৰ্ণ

আয়ুস্মান ভাৰত-প্রধানমন্ত্ৰীৰ জন আৰোগ্য যোজনা আৰম্ভ আজি ৬বছৰ সম্পূৰ্ণ হ'ল। আজিৰ দিনটোতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনত ঝাৰখণ্ডৰ ৰাঁচীৰ পৰা এই আঁচনিৰ শুভাৰম্ভ কৰিছিল। এই আঁচনিৰ জৰিয়তে প্ৰতিবছৰে প্ৰতিটো পৰিয়ালক ৫ লাখ টকাৰ স্বাস্থ্য সেৱা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। অসমতো বিগত ছটা বছৰত এই আঁচনিৰ অধীনত স্বাস্থ্য সংক্রান্তীয় ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলক স্বাস্থ্য সম্বন্ধীয় বিভিন্ন সা-সুবিধা প্ৰদানৰ উদ্দেশ্যে আয়ুস্মান কার্ড বিতৰণ কৰা হৈছে। অসমত আয়ুস...