ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্রতিকূল বতৰ, শাৰীৰিক বাধা নেওচি নাগৰিকৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত

প্রতিকূল বতৰকো নেওচি আজি ৰাজ্যৰ ৪টা সমষ্টিত অনুষ্ঠিত হোৱা নিৰ্বাচনত ভোটদাতাই ব্যাপক উছাহ, উদ্দীপনাৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। আদর্শ ভোটগ্রহণ কেন্দ্ৰসমূহত প্ৰথমবাৰৰ বাবে ভোটদান কৰা নতুন ভোটাৰক গামোচা পিন্ধাই আদৰণি জনোৱা হয়। একেদৰে ভোটকেন্দ্ৰসমূহত পুৰুষ-মহিলা আৰু দিব্যাংগ, গৰ্ভৱতী মহিলা, জ্যেষ্ঠ নাগৰিকৰ পৃথক পৃথক শাৰীৰ ব্যৱস্থা কৰা হয়। কেইবাটাও ভোটকেন্দ্ৰত নৱজাত শিশুসহ অহা মাতৃ, শাৰীৰিক বাধা অতিক্ৰম কৰি হুইলচেয়াৰত নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিবলৈ অহা বহুকেইজন জ্যেষ্ঠ নাগৰিকে দৃষ্টি আকৰ্ষণ কৰে।