ডাউনলোড
মোবাইল এপ

android apple
signal

পোলেণ্ডত অনুষ্ঠিত উইছল’ চেপিয়েস্কি মেম’ৰিয়েল ২০২৫ এথলেটিকছত ভাৰতৰ তেজস্বিন শংকৰৰ নতুন ৰাষ্ট্ৰীয় ডেকাথলন অভিলেখ

ভাৰতৰ তেজস্বিন শংকৰে পোলেণ্ডত কালি অনুষ্ঠিত উইছল’ চেপিয়েস্কি মেম’ৰিয়েল ২০২৫ এথলেটিকছ মিটত ৭,৮২৬ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয়বাৰৰ বাবে নতুন ৰাষ্ট্ৰীয় ডেকাথলন অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে। ২৬ বছৰীয়া এথলীট গৰাকীয়ে ২০২২ চনত হাংঝুত অনুষ্ঠিত এছিয়ান গেমছত ৰূপৰ পদকেৰে অৰ্জন কৰা নিজৰেই পূৰ্বৰ শ্ৰেষ্ঠ ৭৬৬৬ পইণ্ট অতিক্ৰম কৰে। সৰ্বকালৰ অভিলেখ গঢ়ি চেচিয়াৰ অজে কোপেকিয়ে ৮২৫৪ পইণ্টেৰে খিতাপ দখল কৰে। একেখন দেশৰ ভিলেম ষ্ট্ৰাস্কি আৰু ইষ্ট’নিয়াৰ ৰিষ্টো লিলেমেটছে তেওঁৰ পৰৱৰ্তী স্থান দখল কৰে৷

অধিক পঢ়ক

সকলো চাওক