ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ হাইজাম্পৰ টি ছিক্সটি ফ’ৰ শিতানত ভাৰতৰ প্রবীণ কুমাৰৰ সোণৰ পদক অৰ্জন

ভাৰতৰ প্রবীণ কুমাৰে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ হাইজাম্পৰ টি ছিক্সটি ফ’ৰ শিতানত সোণৰ পদক অৰ্জন কৰিছে। প্রবীণে আজি ফাইনেলত ২ দশমিক ০-৮ মিটাৰৰ নতুন অভিলেখেৰে শীৰ্ষ স্থান দখল কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোছিডেন দেৰেকে ৰূপৰ আৰু উজবেকিস্তানৰ গিয়াজোভ টেমুৰবেকে ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতে বৰ্তমানলৈকে ছটা সোণ, ৯ টা ৰূপ আৰু ১১ টা ব্ৰঞ্জসহ মুঠ ২৬ টা পদক লাভ কৰি প্রতিযোগিতাৰ পদক তালিকাৰ চতুৰ্দশ স্থানত আছে। প্রতিযোগিতাৰ আজি নৱম দিনা ভাৰতীয় খেলুৱৈসকল বিভিন্ন শিতানত পদকৰ যুঁজত অৱতীৰ্ণ হ’ব। ইয়াৰ ভিতৰত কস্তুৰী ৰাজামণিয়ে মহিলাৰ পাৱাৰলিটিঙৰ ৬৭ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত দেশক প্ৰতিনিধিত্ব কৰিব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় চাৰে ৮ বজাত আৰম্ভ হ’ব। একেদৰে, ভাৱনাবেন এ চৌধুৰী মহিলাৰ জেভলিন থ্ৰ’ৰ এফ ফটি ছিক্স শিতানৰ ফাইনেলত অৱতীৰ্ণ হ’ব। এই শিতানৰ খেল নিশা ৯.৩০ বজাত আৰম্ভ হ’ব। ইপিনে, সোমন ৰাণা আৰু হোকাটো হটোজেচেমাই পুৰুষৰ শ্বটপুটৰ এফ ফিফটি চেভেনৰ ফাইনেলত দেশৰ হকে পদক জয়ৰ চেষ্টা চলাব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ১০ বাজি ৩৪ মিনিটত আৰম্ভ হ’ব। ইফালে, দিলীপ গৱিতে পুৰুষৰ ৪০০ মিটাৰৰ দৌৰৰ টি ফ’টি চেভেন শিতানৰ প্ৰথম ৰাউণ্ডৰ হিট ৱানত তৃতীয় স্থান দখল কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। একেদৰে, য়শ কুমাৰে পুৰুষৰ কায়কিঙৰ ২০০ মিটাৰৰ ছিংগলছৰ কে এল ৱান শিতানৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ হাইজাম্পত সোণৰ পদক অৰ্জন কৰা প্ৰবীণ কুমাৰক অভিনন্দন জনাইছে।