ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পেৰিছ অলিম্পিকত লাভলীনা বৰগোহাঁইৰ কোৱাৰ্টাৰ ফাইনেলত চীনৰ লি কিয়ানৰ সন্মুখীন

পেৰিছ অলিম্পিকত আজি মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত টকি ‘ অলিম্পিকত পদক বিজেতা লাভলীনা বৰগোহাঁই চীনৰ লি কিয়ানৰ সন্মুখীন হ’ব। খেলখন বিয়লি ৩ বাজি ২ মিনিটত অনুষ্ঠিত হ’ব। আনহাতে, পুৰুষৰ বেডমিণ্টনৰ ছিংগলছৰ ছেমি ফাইনেলত লক্ষ্য সেন, ডেনমার্কৰ ভিক্টৰ এক্সেলছেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৩ বজাত আৰম্ভ হ’ব। ভাৰতীয় পুৰুষ হকী দলেও আজি গ্রেট ব্ৰিটেইনৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব। খেলখন দিনৰ ডেৰ বজাত আৰম্ভ হ’ব। শ্বুটিঙত কমনৱেলথ গেমছত সোণৰ পদক বিজেতা অনিশ ভানৱালা আৰু বিজয়বীৰ সিন্ধু‍ই ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শিতানৰ যোগ্যতা নিৰূপণ ৰাউণ্ডত দেশৰ হকে প্রতিদ্বন্দ্বিতা আগবঢ়াব। এই শিতানৰ খেল দিনৰ ডেৰ বজাত আৰম্ভ হ’ব। ইপিনে, পাৰুল চৌধুৰীয়ে মহিলাৰ ৩ হাজাৰ মিটাৰ ষ্টিপলচেজৰ প্ৰথম ৰাউণ্ডত অৱতীৰ্ণ হোৱাৰ বিপৰীতে জেচৱিন আলড্রিন দিনৰ আঢ়ৈ বজাত পুৰুষৰ লং জাম্পৰ যোগ্যতা নিৰূপণ ৰাউণ্ডত অৱতীৰ্ণ হ’ব।