ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পেৰিছ অলিম্পিকত আজিৰে পৰা এথলেটিক্স প্রতিযোগিতা সমূহ অনুষ্ঠিত হ’ব

চলিত পেৰিছ অলিম্পিকত আজিৰে পৰা এথলেটিক্স প্রতিযোগিতা সমূহ অনুষ্ঠিত হ’ব। ভাৰতীয় সময় অনুসৰি দিনৰ ১১ বজাত পুৰুষৰ ২০ কিলোমিটাৰ বেগাই খোজকঢ়া প্রতিযোগিতাত ভাৰতৰ অশদ্বীপ সিং, বিকাশ আৰু পৰমজিৎ সিঙে অংশ ল’ব। ইপিনে, দিনৰ ১২ বাজি ৫০ মিনিটত মহিলাৰ ২০ কিলোমিটাৰ খোজকঢ়া প্রতিযোগিতাত একমাত্ৰ ভাৰতীয় হিচাপে প্রিয়ংকা গোস্বামীয়ে অংশ ল’ব। উল্লেখযোগ্য যে, এই দুয়োবিধ খেলৰ আজিয়েই পদক নির্ণয় হ’ব। আনহাতে, আজি ভাৰতৰ আটাইকেইগৰাকী তাৰকা বেডমিণ্টন খেলুৱৈয়ে নক আউট মেছত অংশ ল’ব। দিনৰ ১২ বজাত হ’ব লগা পুৰুষৰ একক শাখাত প্রি-কোৱাৰ্টাৰ ফাইনেলত লক্ষ্য সেন আৰু এইচ এছ প্ৰণয় মুখামুখি হোৱাৰ বিপৰীতে দুবাৰৰ অলিম্পিক বিজয়ী পি ভি সিন্ধুই মহিলাৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব। এই খেলখন নিশা ১০ বজাত অনুষ্ঠিত হ’ব। ইফালে, পুৰুষৰ ডাবলছ শাখাত ভাৰতীয় যুটী সাত্বিক আৰু ছিৰাগে আবেলি ৪ বাজি ৩০ মিনিটত কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব। মহিলা বক্সিঙৰ ৫০ কিলোগ্রাম ওজন শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত আজি দুবাৰৰ বিশ্ব চেম্পিয়ন নিখাট জনি অৱতীৰ্ণ হ’ব। এই খেলখন দিনৰ আঢ়ৈ বজাত অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে, বক্সিঙত কালিৰ দিনটো ভাৰতৰ বাবে যথেষ্ট আশাপ্ৰদ আছিল। মহিলাৰ ৭৫ কিলোগ্রাম শাখাত খেলা অসম কন্যা লাভলীনা বৰগোহাঁইয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে যোৱানিশা অনুষ্ঠিত হোৱা পুৰুষৰ ৭১ কিলোগ্রাম শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ নিশান্ত দেৱে ইকুৱেডৰৰ জ’ছ গেব্রিয়েলক ৩-২ৰ ব্যৱধানত পৰাস্ত কৰি অন্তিম আঠত স্থান নিশ্চিত কৰে। ইফালে, শ্বুটিঙত ইতিহাস গঢ়ি পুৰুষ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিছনৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰা স্বপ্নীল কুশ্বালে আজি দিনৰ ১ বজাত পদক জয়ৰ লক্ষ্যৰে খেলিব। আনহাতে, দিনৰ ডেৰ বজাত অপৰাজেয় ভাৰতীয় পুৰুষ হকী দলে বেলজিয়াম বিৰুদ্ধে গ্রুপ মেচত অংশ ল’ব। উল্লেখযোগ্য যে, ভাৰতে ইতিমধ্যে হকীৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ নিশ্চিত কৰিছে। ইপিনে, টেবুল টেনিছৰ একক শাখাত ভাৰতৰ দুই মহিলা পেডলাৰ মণিকা বাঢ়া আৰু শ্ৰীজা আকুলা প্রি-কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈ বিদায় লৈছে। একেদৰে পুৰুষ আৰ্চাৰীৰ একক শাখাৰ পৰা তৰণ দ্বীপ ৰায়ে বিদায় লোৱাৰ বিপৰীতে দিপিকা কুমাৰীয়ে মহিলাৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। আজি দিনৰ আঢ়ৈ বজাত আৰ্চাৰীৰ পুৰুষৰ একক শাখাত প্রবীন ৰমেশ যাদৱে প্ৰাৰম্ভিক ৰাউণ্ড খেলিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।