পেৰিছ অলিম্পিকত অসমৰ লাভলীনা বৰগোঁহাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

পেৰিছ অলিম্পিকৰ পঞ্চম দিনা আজি অসমৰ লাভলীনা বৰগোঁহাইয়ে বক্সিঙৰ মিডল ৱেট শিতানৰ ৭৫ কিলোগ্ৰাম শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত নৰৱেৰ ছুন্নীভা হফষ্টাডক পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক দখলেৰে অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনাৰ এই ফলাফলে অনুৰাগীসকলৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে পূৰ্বে ৬৯ কিলোগ্রাম শাখাত অংশগ্ৰহণ কৰা খেলুৱৈগৰাকী এইবেলি প্ৰথমবাৰৰ বাবে অলিম্পিকত ৭৫ কিলোগ্রাম শাখাত অৱতীৰ্ণ হৈছে। ইপিনে, ভাৰতীয় বক্সাৰ, আৰ্চাৰ, শ্বুটাৰ আৰু শ্বাটলাসকলে নিজ নিজ শাখাৰ খেলত অৱতীৰ্ণ হৈছে। বেডমিণ্টনত পি ভি সিন্ধু আৰু লক্ষ্য সেনে ৰাউণ্ড অব্ ছিক্সটিনত প্ৰৱেশ কৰিছে। মহিলাৰ ছিংগলছত পি ভি সিন্ধুৱে ইষ্টোনিয়াৰ কৃষ্টিন কিউবাক ২১–৫, ২১-১০ ত পৰাজিত কৰে। আনহাতে, পুৰুষৰ ছিংগলছত লক্ষ্য সেনে ইণ্ডোনেছিয়াৰ জনাতন কৃষ্টিক ২১-১৮, ২১–১২ত পৰাজিত কৰে। এইছ এছ প্ৰণয় ভিয়েটনামৰ ড্যুক ফেট লেৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। শ্বুটিঙৰ ৫০ মিটাৰ ৰাইফলৰ থ্ৰী পজিচন শিতানৰ যোগ্যতা নিৰূপণ খেলত স্বপ্নীল কৌছেলে ৫৯০ স্ক’ৰ অৰ্জন কৰি ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে, একেটা শিতানতে ঐশ্বৰী প্ৰতাপ সিং টোমৰে ফাইনেলত প্ৰৱেশ কৰাত ব্যৰ্থ হয়। একেদৰে মহিলাৰ টেপ শ্বুটিঙত শ্রেয়াশী সিং আৰু ৰাজেশ্বৰী কুমাৰীয়ে আজি যোগ্যতা নিৰূপণ পৰ্যায়ৰ দ্বিতীয় ৰাউণ্ডত অৱতীৰ্ণ হ’ব। আনহাতে, অনুজ আগৰৱালে অশ্বচালনা প্ৰশিক্ষণৰ ব্যক্তিগত শিতানত ভাগ ল’ব। শ্ৰীজা অকুলাই টেবুল টেনিছৰ এখন খেলত ছিংগাপুৰৰ চিয়ান জেঙৰ সন্মুখীন হ’ব। আৰ্চাৰীত তৰুণদীপ ৰায় আৰু দীপিকা কুমাৰীয়ে ক্ৰমে পুৰুষ আৰু মহিলাৰ এলিমিনেশ্যন ৰাউণ্ডত দেশক প্রতিনিধিত্ব কৰিব। ভাৰতে এইবাৰৰ অলিম্পিকত বৰ্তমানলৈকে দুটা পদক লাভ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।