July 31, 2024 6:23 PM

views 14

পেৰিছ অলিম্পিকত অসমৰ লাভলীনা বৰগোঁহাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

পেৰিছ অলিম্পিকৰ পঞ্চম দিনা আজি অসমৰ লাভলীনা বৰগোঁহাইয়ে বক্সিঙৰ মিডল ৱেট শিতানৰ ৭৫ কিলোগ্ৰাম শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত নৰৱেৰ ছুন্নীভা হফষ্টাডক পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক দখলেৰে অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনাৰ এই ফলাফলে অনুৰাগীসকলৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে পূৰ্বে ৬৯ কিলোগ্রাম শাখাত অংশগ্ৰহণ কৰা খেলুৱৈগৰাকী এইবেলি প্ৰথমবাৰৰ বাবে অলিম্পিকত ৭৫ কিলোগ্রাম শাখাত অৱতীৰ্ণ হৈছে। ইপিনে, ভাৰতীয় বক্সাৰ, আৰ্চাৰ, শ্বুটাৰ আৰু শ্বাটলাসকলে ন...