পুৰুষৰ এছিয়া কাপ ২০২৫ ক্রিকেট প্রতিযোগিতা কাইলৈ আৰম্ভ হ’ব। ডুবাই আৰু আবু ধাবিত হ’বলগীয়া এইবাৰৰ প্ৰতিযোগিতাত ৮ খন দেশে অংশগ্ৰহণ কৰিছে। টি-২০ ফৰমেটত হ’বলগীয়া এই প্রতিযোগিতাত ভাৰতে পাকিস্তান, সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ আৰু ওমানৰ লগত গ্রুপ-এত স্থান লাভ কৰিছে। গ্রুপ-বিত আছে শ্রীলংকা, বাংলাদেশ, আফগানিস্তান আৰু হংকং। কাইলৈ প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত আফগানিস্তান হংকঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ভাৰতে অহা ১০ ছেপ্তেম্বৰত নিজৰ প্ৰথমখন খেল সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ বিৰুদ্ধে খেলিব। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত খেলিবলগীয়া ভাৰতীয় দলটোৰ সদস্যসকল হৈছে শুভমন গীল, অভিষেক শর্মা, তিলক বাৰ্মা, হার্দিক পাণ্ডিয়া, শিৱম ডুবে, জীতেশ শৰ্মা, অক্ষৰ পেটেল, যশপ্রীত বুমৰা, বৰুণ চক্ৰৱৰ্তী, অশ্বদীপ সিং, কুলদীপ যাদৱ, সঞ্জু চেমচন, হৰ্ষিত ৰাণা আৰু ৰিংকু সিং।
Site Admin | September 8, 2025 10:59 PM | Asia Cup Cricket | Cricket | SPORTS
পুৰুষৰ এছিয়া কাপ ২০২৫ৰ ক্রিকেট প্রতিযোগিতা কাইলৈ আৰম্ভ
