ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 16, 2025 9:42 AM | SPORTS

printer

পুৰুষৰ আই চি চি টি-২০ বিশ্বকাপ প্রতিযোগিতাত নেপাল আৰু ওমানৰ স্থান নিশ্চিত

নেপাল আৰু ওমান এছিয়া তথা পূব এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ যোগ্যতা নিৰ্ণয়কাৰী পৰ্যায়ৰ পৰা অহা বছৰ হ’বলগীয়া পুৰুষৰ আই চি চি টি-২০ বিশ্বকাপ প্রতিযোগিতাত স্থান নিশ্চিত কৰা প্ৰথম দুটা দলৰূপে পৰিগণিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ছামোৱাক পৰাস্ত কৰাৰ লগে লগে মূল প্রতিযোগিতাত নেপাল আৰু ওমানে স্থান নিশ্চিত কৰে। গ্ৰুপ পৰ্যায়ত অপৰাজিত হৈ থকা নেপালে ছুপাৰ ছিক্স পৰ্যায়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কাটাৰক পৰাস্ত কৰে। ইপিনে যোগ্যতা অর্জনকাৰী তৃতীয়খন দেশৰূপে পৰিগণিত হোৱাৰ বাটত আমেৰিকা যুক্তৰাষ্ট্ৰই আজি এখন গুৰুত্বপূৰ্ণ খেলত জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।