উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে পুডুচেৰীক এখন গৌৰৱময় মহানগৰ বুলি অভিহিত কৰি কয় যে এই চহৰখনে কেইবা শতিকা আগৰ পৰাই বিশ্ববাসীৰ আগত কেৱল প্ৰাচীন সভ্যতাৰ পৰিচয় দিয়াই নহয়, প্ৰেম আৰু সামগ্রিকতাৰ মূল্যবোধকো প্রতিফলিত কৰি আহিছে। উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি প্ৰথমবাৰৰ বাবে কেন্দ্রীয় শাসিত অঞ্চলটো ভ্ৰমণলৈ যোৱা ৰাধাকৃষ্ণণে পুডুচেৰীত উপস্থিত হৈ এইদৰে মত প্ৰকাশ কৰে। পুডুচেৰীয়ে ইয়াৰ সাংস্কৃতিক শ্রেষ্ঠত্বক দীর্ঘকাল ধৰি সযত্নে সংৰক্ষণ কৰিছে বুলি উল্লেখ কৰি তেওঁ লগতে, চহৰখনে সুব্রমণিয় ভাৰতীয়, ভি ভি এছ আয়াৰ আৰু ভাৰতীদছনকে ধৰি প্ৰসিদ্ধ কবি আৰু চিন্তাবিদসকলৰ প্ৰতিও শ্রদ্ধা নিবেদন কৰে।
ইয়াৰ পূৰ্বে, আজি পুডুচেৰীত উপস্থিত হোৱাৰ পাছত উপ-ৰাষ্ট্ৰপতিগৰাকীক সন্মান সহকাৰে আদৰণি জনোৱা হয়। শ্ৰীৰাধাকৃষ্ণণক আদৰণি জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানত পুডুচেৰীৰ উপ-ৰাজ্যপাল কে কৈলাসনাথন, মুখ্যমন্ত্রী এম ৰংগছামি, বিধানসভাৰ অধ্যক্ষ আৰ ছেলৱম, কেইবাগৰাকীও মন্ত্ৰী আৰু সাংসদকে ধৰি বহুকেইগৰাকী জনপ্রতিনিধিয়ে অংশগ্রহণ কৰে। আজিৰ এই অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে স্মার্ট চিটী প্ৰকল্পৰ অধীনত কুমাৰাগুৰুপল্লমত বাসগৃহ লাভ কৰা হিতাধিকাৰীসকলৰ মাজত ঘৰৰ চাবি বিতৰণ কৰে।