May 26, 2024 12:54 PM | P V Sindhu

printer

পি ভি সিন্ধু মালয়েছিয়া মাষ্টাৰ্ছ বেডমিন্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ

অলিম্পিকত পদক বিজেতা পি ভি সিন্ধু আজি কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিন্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত চীনৰ ঝি য়ি ৱাঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ভাৰতীয় বেডমিন্টন খেলুৱৈগৰাকীয়ে কালি ছেমি ফাইনেলত থাইলেণ্ডৰ বুছানন অংবামৰাংফানক ১৩-২১, ২১ ১৬, ২১-১২ গেমত পৰাস্ত কৰে। আনহাতে বাঙে নিজ দেশৰে য়ি মেন ঝাঙক ২১-৯, ২১-১১ পোনপটীয়া গেমত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে।