ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 24, 2024 2:51 PM | P V Sindhu

printer

পি ভি সিন্ধু মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ বেডমিণ্টন তাৰকা পি ভি সিন্ধুৱে মালয়েছিয়াৰ কোৱালালমপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দুবাৰকৈ অলিম্পিকৰ পদক জয়ী সিন্ধুৱে কোৱাৰ্টাৰ ফাইনেলত চীনৰ হান য়ুইক ২১-১৩, ১৪-২১, ২১–১২ গেমত পৰাস্ত কৰে। অৱশ্যে মহিলাৰ ছিংগলছৰ আন এখন কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ অস্মিতা চলিহা চীনৰ ঝেং য়ি মেনৰ হাতত ১০-২১, ১৫-২১ গেমত পৰাজিত হয়। আনহাতে, ভাৰতৰ কিৰন জৰ্জ মালয়েছিয়াৰ জি জিয়ালিৰ হাতত ১৩-২১, ১৮-২১ গেমত পৰাজিত হৈ পুৰুষৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হোৱাৰ লগতে ছাই প্ৰতীক আৰু কৃষ্ণ প্ৰসাদ গৰ্গৰ যুটীটো পুৰুষৰ ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাজিত হয়। তৃষা জলী আৰু গায়ত্ৰী গোপাচাণ্ডৰ ভাৰতীয় যুটীটোও মহিলাৰ ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত টাইৱানৰ প্ৰতিদ্বন্দ্বিৰ হাতত পৰাভূত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে।