পাৰস্পৰিক বিকাশ আৰু সমৃদ্ধিৰ বাবে এংগোলাৰ সৈতে ভাৰতে একেলগে কাম কৰি যোৱাৰ বাবে সাজু হৈ আছে বুলিও ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ প্রকাশ

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু আৰু এংগোলাৰ ৰাষ্ট্ৰপতি জোৱাও লৰেনকোই আজি লোৱান্দাত অৱস্থিত ৰাষ্ট্রপতি ভৱনত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মৰ উপস্থিতিত দেশখনৰ ৰাষ্ট্ৰপতি ভৱনত তেওঁক উষ্ম আদৰণি জনোৱা হয়। দুয়োগৰাকী নেতাই এংগোলা আৰু ভাৰতৰ মাজৰ বহুপাক্ষিক অংশীদাৰিত্ব গভীৰ কৰি তোলাৰ লক্ষ্যৰে ব্যাপকভাবে পর্যালোচনা কৰে। আলোচনাৰ সময়ছোৱাত ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মুৱে দুয়োখন দেশৰে অগ্ৰাধিকাৰ সম্পন্ন একাধিক ক্ষেত্রত সহযোগিতা বৃদ্ধি কৰাৰ দিশত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে বিশেষকৈ কৃষিখণ্ডত বীজ আৰু সাৰ, শ্রেষ্ঠ সংসদীয় আচাৰ-আচৰণ, তেল উদঘাটন আৰু শোধন, যোগাযোগ আৰু পৰিবহন আন্তঃগাঁথনি আদি বিভিন্ন বিষয়ত সম্ভাবনীয় সহযোগিতাৰ বিষয়ে আলোকপাত কৰে। পাৰস্পৰিক বিকাশ আৰু সমৃদ্ধিৰ বাবে এংগোলাৰ সৈতে ভাৰতে একেলগে কাম কৰি যোৱাৰ বাবে সাজু হৈ আছে বুলিও ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে প্রকাশ কৰে। তেওঁ লগতে দক্ষতা বিকাশ আৰু প্ৰশিক্ষণ, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, প্ৰতিৰক্ষা সহযোগিতা আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ সন্দৰ্ভতো বিশেষ গুৰুত্ব আৰোপ কৰে। মীন পালন, একুৱা কালছাৰ, সামুদ্রিক সম্পদ খণ্ডত সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে দুখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এংগোলাৰ ৫০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লোবান্দাত উপস্থিত থাকিবলৈ পাই তেওঁ অত্যন্ত সুখী বুলি এখন প্ৰেছ বিবৃতি যোগে ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে। এংগোলাৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কৰ ৪০ বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত এই বছৰটো দুয়োখন দেশৰ বাবে এটা অত্যান্ত গুৰুত্বপূৰ্ণ বছৰ হিচাপে পৰিগণিত হৈছে বুলিও তেওঁ কয়।

ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে এংগোলাত অহা মঙলবাৰলৈ থাকিব। তেওঁ এংগোলাৰ সদনত ভাষণ দিয়াৰ লগতে দেশখনত থকা প্রবাসী ভাৰতীয়সকলৰ সৈতেও বাৰ্তালাপ কৰিব।

ইয়াৰ পাছতে ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে এই বটছোবানা ভ্ৰমণ কৰিব। বটছোৱানাৰা ৰাষ্ট্ৰপতি ডুমা বকোৰ সৈতে দ্বিপাক্ষিক বিষয়ত ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে বাৰ্তালাপ কৰিব। দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে দেশ দুখনৰ মাজত বাণিজ্য, বিনিয়োগ, প্রযুক্তি, শক্তি, কৃষি, স্বাস্থ্য, ফার্মাচিউটিকেল, প্ৰতিৰক্ষা আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্পৰ্ক আদি একাধিক বিষয় সন্দর্ভত আলোচনা কৰিব।

উল্লেখযোগ্য যে শ্রী দ্রৌপদী মুর্মুৱে হ’ব আফ্রিকান দেশ দুখনলৈ ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতি। ভাৰতে গোলকীয় দক্ষিণত শক্তিশালী অংশীদাৰিত্ব প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এই ভ্রমণে অৰিহণা আগবঢ়াব।